NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2023 8:52 pm
China covid

ক’ৰ’ণাৰ বিধ্বংসী পৰিস্থিতিয়ে কাবু কৰি তোলা চীনক বিপদে লগ এৰা নাই। চীনক বিপদ পেলাই এইবাৰ এক নতুন সমস্যাৰ সৃষ্টি কৰিছে প্ৰতিবেশী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াই। দক্ষিণ কোৰিয়াৰ চৰকাৰে ক’ভিদ প্ৰতিৰোধৰ স্বাৰ্থত এনে এক সিদ্ধান্ত লৈছে যি সিদ্ধান্তই চীনৰ এই অস্থিৰ সময়ত আন এক দুঃচিন্তাত পেলাব চীনক।

দক্ষিণ কোৰিয়া চৰকাৰে নৱবৰ্ষৰ বন্ধৰ পিছত ক’ৰ’ণাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা কৰি চীনৰ পৰা দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰা যাত্ৰীসকলক দেশত প্ৰৱেশ কৰাতো নিষিদ্ধ কৰিছে। দক্ষিণ কোৰিয়াই ফেব্ৰুৱাৰী মাহৰ শেষলৈকে চীনৰ পৰা যোৱা যাত্ৰীক দেশখনত প্ৰৱেশৰ অনুমতি নিদিয়ে বুলিও প্ৰকাশ পাইছে।

উল্লেখ্য যে জানুৱাৰী মাহৰ আৰম্ভণিতে দক্ষিণ কোৰিয়াই চীনত থকা দূতাবাসসমূহত হ্ৰস্বম্যাদী ভিছা প্ৰদান বন্ধ কৰি দিছিল। ইয়াৰ পূৰ্বে দক্ষিণ কোৰিয়াই মহামাৰীৰ সৈতে জড়িত নিষেধাজ্ঞা শিথিল কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে ২০২৩ চনৰ আৰম্ভণিতে ক’ভিদ-১৯ৰ ৰোগীৰ সংখ্যা বৃদ্ধি আৰু নতুন ৰূপৰ ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কোৰিয়াই পিছলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।

দক্ষিণ কোৰিয়াই চীন, হংকং আৰু মাকাউৰ পৰা ভ্ৰমণ কৰা সকলো যাত্ৰীয়ে যাত্ৰাৰ ৪৮ ঘণ্টাৰ পূৰ্বলৈকে এই সময়ছোৱাত কৰা ক’ভিদ পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট দাখিল কৰাটো বাধ্যতামূলক কৰিছিল। দক্ষিণ কোৰিয়াত উপস্থিত হোৱাৰ লগে লগে এই যাত্ৰীসকলৰ নতুন ক’ভিদ পৰীক্ষা কৰা হৈছে।

ইফালে দক্ষিণ কোৰিয়াই জাৰি কৰা নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই চীনে দেশখনৰ পৰা যোৱা যাত্ৰীসকলক হ্ৰস্বম্যাদী ভিছা প্ৰদান কৰাটোও স্থগিত ৰাখিছে। ইয়াৰ ফলত অৱশ্যে কেৱল চীনৰে সমস্যাৰ সৃষ্টি হোৱা নাই, ৰপ্তানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল দক্ষিণ কোৰিয়াৰ বাণিজ্যিক কাৰ্যকলাপতো ই ব্যাঘাত জন্মাইছে।

দক্ষিণ কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ সংস্থাৰ তথ্য অনুসৰি ২০২৩ চনৰ ২ জানুৱাৰীৰ পৰা চীনৰ পৰা দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰা প্ৰায় ৬৯০০ হ্ৰস্বম্যাদী যাত্ৰীক বিমানবন্দৰত কৰা ক’ভিদ পৰীক্ষাৰ সময়ত ক’ভিদ সংক্ৰমিত পোৱা গৈছে।