NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ষ্টেশ্যনত পুনৰ ১২ কেজি গাঞ্জা উদ্ধাৰ ৰে’ল আৰক্ষীৰ

Posted by: এনই নাও নিউজ April 29, 2018 2:41 pm
GANJA

গুৱাহাটী ষ্টেশ্যনত আজি ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এক অভিযান চলাই  ১২ কেজি পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গোপন সূত্ৰৰ তথ্য অনুসৰি ডিব্ৰুগড় কন্যাকুমাৰী এক্সপ্ৰেছত অভিযান চলাই ৰে’ল আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই সন্দৰ্ভত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰে’ল আৰক্ষীয়ে।

উল্লেখযোগ্য যে শনিবাৰে গুৱাহাটী ষ্টেশ্যনত ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এক অভিযান চলাই  ৪০ কেজি পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

ডিব্ৰুগড়ৰ পৰা চণ্ডীগড় অভিমুখী ৰেলখনৰ প্ৰস্ৰাৱাগাৰত এই গাঞ্জাখিনি উদ্ধাৰ কৰা হৈছিল। অৱশ্যে এই সন্দৰ্ভত কোনো লোকক আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

গুৱাহাটীৰ ৰেল আৰক্ষীয়ে শনিবাৰে তেওঁলোকৰ নিয়মীয়া তালাচীৰ সময়ত উক্ত গাঞ্জাখিনি জব্দ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে গাঞ্জাখিনি ক’ৰ পৰা আৰু ক’লৈ নিবলৈ এনেদৰে অনা হৈছিল সেই বিষয়ে ৰে’ল আৰক্ষীয়ে কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

শেহতীয়াকৈ অসমত এনেধৰণে নিষিদ্ধ গাঞ্জা সৰবৰাহৰ ঘটনা দিনকদিনে বৃদ্ধি পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা বিশেষকৈ মণিপুৰৰ পৰা গুৱাহাটী হৈ বাহিৰলৈ গাঞ্জাকে ধৰি বিভিন্ন নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে দুষ্টচক্ৰই।

জানিব পৰা মতে বিগত দুমাহত ৰে’ল আৰক্ষী আৰু ৰাজহ চোৰাংচোৱা বিভাগে গুৱাহাটী ষ্টেশ্যনত গাঞ্জাৰ লগতে বৃহৎ পৰিমানৰ অবৈধ চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হৈছে।