NORTHEAST NOW (Assamese)
Popular Stories

১ ফেব্ৰুৱাৰীত লোকসভাত নিৰ্মলা সীতাৰমণৰ কেন্দ্ৰীয় বাজেট

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 29, 2023 5:06 pm

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ১ ফেব্ৰুৱাৰীত লোকসভাত দাখিল কৰিব কেন্দ্ৰীয় বাজেট ২০২৩। প্ৰতিবাৰেই বাজেটক লৈ বিভিন্ন মানুহৰ বেলেগ বেলেগ আশা থাকে। প্ৰতিবাৰেই বাজেটত দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কিবা এটা ঘোষণা কৰা হয়। এইবাৰো তেনেধৰণৰ কিবা এটা আশা কৰিছে জনসাধাৰণে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি এইবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাজেট হ্ৰাস কৰিব পাৰে। হয়তো সীতাৰমণে প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY)ৰ বাবে ৪০ হাজাৰ কোটিৰ বাজেট তৈয়াৰ কৰিব পাৰে।

খবৰ অনুসৰি ২০২৪ চনৰ ভিতৰত ৮.৪ লাখ ঘৰ নিৰ্মাণৰ অনুমোদনৰ লক্ষ্য কেন্দ্ৰই ল’ব পাৰে। ইয়াৰ বাবে বাজেটত দিয়া হ’ব ৪০ হাজাৰ কোটি টকা। আগন্তুক বাজেট ২০২৪ চনৰ এপ্ৰিল-মে’ৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ অন্তিমখন সম্পূৰ্ণ বাজেট।

সেয়েহে চৰকাৰে গ্ৰামাঞ্চল আৰু চহৰ উভয় অঞ্চলতে ঘৰ আবণ্টন প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব বুলি আশা কৰা হৈছে।

যোৱা বছৰৰ বাজেটত গৃ্হ নিৰ্মাণৰ আঁচনিখনৰ বাবে মুঠ ৪৮ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছিল, ইয়াৰে ২৮ হাজাৰ কোটি টকা চহৰ অঞ্চলত ঘৰ নিৰ্মাণৰ বাবে আৰু বাকী ধন গ্ৰামাঞ্চলৰ বাবে  আবণ্টন দিয়া হৈছিল।