NORTHEAST NOW (Assamese)
অসম

অক্সফৰ্ড অভিধানত স্থান পালে ‘বিন্দাছ’; তালিকাত মুঠ ৮০০ ভাৰতীয় শব্দ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2023 3:01 pm

এইবাৰ মুঠ ৮০০ টা ভাৰতীয় শব্দই অক্সফৰ্ড অভিধানত স্থান লাভ কৰিছে। সেই তালিকাত ‘দেশ’, ‘বিন্দাছ’, ‘দিয়া’ৰ দৰে বহুতো ভাৰতীয় শব্দ আছে। ব্ৰিটিছ অভিধানৰ ফালৰ পৰা জনোৱা অনুসৰি, ইংলেণ্ড আৰু আমেৰিকাৰ পিছত ভাৰতীয় ইংৰাজীক তেওঁলোকে গুৰুত্ব দিয়ে।

অৱশ্যে, ভাৰতীয় শব্দবোৰ অডিঅ’ অভিধানতহে সংযোজিত হৈছে, লিখিত অভিধানত নহয়। ভাৰতৰ বাহিৰেও, অক্সফৰ্ডৰ এই অডিঅ’ অভিধানত মুঠ ১৬ খন দেশৰ ইংৰাজী শব্দ ৰখা হৈছে।

২০১৬ চনৰ পৰা অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে এই অডিঅ’ অভিধান প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰে। ব্ৰিটেইন আৰু আমেৰিকাৰ উপৰিও অক্সফৰ্ডে ইয়াৰ অভিধানত যিবোৰ দেশত মানুহে ইংৰাজী কয় তেওঁলোকৰ শব্দভাণ্ডাৰ অন্তৰ্ভুক্ত কৰাৰ বাবেও উদ্যোগ লয়। সংস্থাটোৰ সম্পাদক কেথেৰিন চাংষ্টাৰে কয়, “আমেৰিকা আৰু ব্ৰিটেইনৰ লগতে ভাৰতীয় ইংৰাজী আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

কেথেৰিনে কয় যে অডিঅ’ অভিধানৰ বাবে ভাৰতীয় ইংৰাজী শব্দ বাছনি কৰাটো বহুত কঠিন আছিল। কিন্তু অৱশেষত অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ কৰ্তৃপক্ষই বহুতো ভাৰতীয় শব্দক একেলগে অভিধানত স্থান দি অতি আনন্দিত হৈছে। ইয়াৰ কাৰণ উল্লেখ কৰি কোৱা হৈছে যে বিভিন্ন দেশৰ সংস্কৃতি তেওঁলোকৰ ভাষাৰ জৰিয়তে প্ৰতিফলিত হয়। সেইদৰে, সকলো দেশৰ সংস্কৃতি আৰু শব্দৰ জৰিয়তে ইংৰাজী ভাষা অধিক সমৃদ্ধ হ’ব।

ভাৰতীয় শব্দবোৰৰ ভিতৰত, দেশ, বিন্দাচ, দিয়া, বাচ্চা, আলমাৰি আদি শব্দ অক্সফৰ্ড অভিধানত আছে। এই শব্দবোৰ প্ৰথমে অডিঅ’ অভিধানত শুনিব পোৱা যাব। তেতিয়া আপুনি এই শব্দবোৰৰ অৰ্থ ইংৰাজীত দেখিব।

ভাৰতৰ উপৰিও এই অভিধানত নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজৰ দৰে দেশৰ পৰাও স্থানীয় শব্দ লোৱা হৈছে। এই শব্দবোৰৰ জৰিয়তে ইংৰাজী ভাষা আৰু বহুতো লোকৰ ওচৰলৈ যাব বুলি আশাবাদী অক্সফৰ্ড কৰ্তৃপক্ষ।