NORTHEAST NOW (Assamese)
অসম

গোপন নথিপত্ৰ বিচাৰি পুনৰ জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী এফ বি আইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 2, 2023 3:43 pm

গোপন চৰকাৰী নথি বিচাৰি দেশখনৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফ বি আইয়ে পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰত চাৰে তিনি ঘণ্টা ধৰি তালাচী চলাইছে। বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগৰ নিৰ্দেশত এই তালাচী চলোৱা হয়।

ডেলাৱেৰৰ উইলমিংটনত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ ঘৰ আৰু ৱাশ্বিংটনত থকা তেওঁৰ কাৰ্যালয়ত তালাচীৰ সময়ত কেইবাটাও নথিপত্ৰ পোৱা গৈছিল। বাৰাক অ’বামাৰ ৰাষ্ট্ৰপতি থকাৰ সময়ত উপ ৰাষ্ট্ৰপতি হিচাপে আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত জো বিডেনে কৰা কাৰ্যকলাপৰ নথিপত্ৰ সেই সময়ত উদ্ধাৰ কৰা হৈছিল।

তাৰপিছতে জো বিডেনক প্ৰশ্নৰ সন্মুখীন হয়। তদন্ত আৰম্ভ হয় আৰু বিডেনৰ আন ঘৰবোৰতো তালাচী আৰম্ভ কৰা হয়।

কিন্তু অভিযানৰ পিছত বিডেনে হয়তো বৰ্তমানৰ বাবে কিছু সকাহ পাইছে। কিয়নো  ডেলাৱেৰৰ ৰেহৰোথ অঞ্চলত থকা তেওঁৰ ঘৰত দেশৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফবিআইৰ দ্বাৰা তালাচী চলোৱা হয় যদিও তাত একো পোৱা নগ’ল।

বিডেনৰ ব্যক্তিগত অধিবক্তা বব বাউৰে বুধবাৰে এক বিবৃতিত তালাচী চলোৱাৰ কথা সদৰী কৰে। অৱশ্যে, তালাচীৰ বিষয়ে এফবিআইৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই।

বব বাউৰে বিবৃতিটোত কয় যে বিডেনৰ ডেলাৱেৰৰ ঘৰত ৰাতিপুৱা ৮:৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ চাৰে তিনি ঘণ্টা তালাচী চলোৱা হৈছিল। বিডেনৰ উকীলসকলে তালাচী অভিযানত সহায় কৰিছিল। বিডেনৰ ঘৰৰ পৰা এনে কোনো নথি পোৱা নগ’ল, যাক শ্ৰেণীবদ্ধ বা গোপনীয় বুলি কোৱা হৈছিল।

অৱশ্যে তদন্তকাৰী বিষয়াসকলে পুনৰীক্ষণৰ বাবে বিডেনে উপ-ৰাষ্ট্ৰপতি হৈ থাকোতে লিখা বহুখিন নথিপত্ৰ আৰু হাতেলিখা টোকা সংগ্ৰহ কৰিছে।