NORTHEAST NOW (Assamese)
অসম

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2023 12:40 pm

নামটি ন-কৈ পৰিচিত কৰোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। মহৰ্ষি তুহিন কাশ্যপ চিনেমাৰ চিত্ৰনাট্য লিখা, পৰিচালনা কৰাৰ লগতেই নাটকৰ সৈতেও জড়িত এটি অসমবাসীৰ বাবে চিনাকি নাম, যি নাম এতিয়া বিশ্ববাসীয়েও জানে। একাডেমী বঁ‌টা (অস্কাৰ)ৰ প্ৰতিযোগিতালৈ অসমৰ পৰা মনোনীত হোৱা প্ৰথমখন চুটি ছবি— “মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতি” (The horse from Heaven)ৰ পৰিচালক, “সত্যজিত ৰয় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট” কলকতাত বৰ্তমানেও পাঠ্যক্ৰম গ্ৰহণ কৰি থকা মহৰ্ষি তুহিন কাশ্যপৰ সৈতেই আজিৰ এই আলাপ।

প্ৰশ্নঃ- আপুনি নিজকে কি বুলি পৰিচয় দিবলৈ ভালপায়?

মহৰ্ষিঃ- চিনেমাৰ ছাত্ৰ হিচাপে। যদিওবা এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ বিন্দুহে মই, তথাপিও নিজৰ স্বপ্নবোৰক কামৰ মাজেৰে প্ৰতিফলিত কৰিব বিচৰা এজন যাযাবৰ বুলিয়েই ভাবো নিজক।

প্ৰশ্নঃ- “মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতি”ৰ বিষয়বস্তুৰ ধাৰণাটো কিদৰে আহিল মনলৈ? এন বিষয়বস্তুক লৈ যিহেতু এক অগতানুগতিক প্ৰয়াস এই ছবিখন!

মহৰ্ষিঃ- মই ছবি নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধাৰাত বিশ্বাসী নহওঁ। মই নিজে জীওৱা কিছু মুহূৰ্তৰ অভিজ্ঞতাৰহে এক প্ৰতিফলন ঘটে মোৰ চিনেমাত। বঁ‌টা-বাহনৰ কথাবোৰ পিছতহে। মই নিজে দেখা এজন মানুহৰ সঁ‌চা জীৱন বা ঘটনায়েই এই ছবিখন নিৰ্মাণ কৰাৰ সমল আছিল।

প্ৰশ্নঃ- চিনেমাৰ প্ৰতি প্ৰেম কেতিয়াৰ?

মহৰ্ষিঃ- স্কুলত পঢ়ি থকা অৱস্থাতেই যেতিয়া শ্লামডগ মিলিয়নিয়েৰে অস্কাৰ পাইছিলে, তেতিয়াই ভাবিছিলো, চিনেমা নিৰ্মাণ কৰি অস্কাৰ জয় কৰিম বুলি কেতিয়াবা। প্ৰেম চাগৈ তেতিয়াই আৰম্ভ হৈছিল। বৰ্তমান চিনেমা মোৰ বাবে মোৰ অস্তিত্বৰ কাৰণস্বৰূপ।

প্ৰশ্নঃ- “মোৰ ঘোঁ‌ৰাৰ দূৰন্ত গতি” নিৰ্মাণ কৰোঁতে ভাবিছিলে নে,যে ই অস্কাৰৰ পৰ্যায়লৈকে যাব?

মহৰ্ষিঃ- চিনেমা এখন নিৰ্মাণৰ সময়ত পৰৱৰ্তী পৰ্যায়ত কি হ’ব তাক পূৰ্বনিৰ্ধাৰণ কৰিব নোৱাৰি। পিছে চলচ্চিত্ৰ মহোৎসৱসমূহক উদ্দেশ্য কৰি এইখন নিৰ্মাণ কৰা নাছিলো। অস্কাৰ আৰু মানুহে আঁকোৱালি লোৱাও অপ্ৰত্যাশিত আছিলে। বহু মহোৎসৱত প্ৰত্যাখ্যানৰ পিছত এনে লাগিছিলে, মোৰ ছবিখনেই সেই ঘোঁ‌ৰাটো নেকি, যি প্ৰকৃততে গাধ এটাহে আছিল! পিছত সেই ভ্ৰম ভাঙিল বাৰু!

 

প্ৰশ্নঃ- সৰ্বপ্ৰথম কাম কি কৰিছিলে?

মহৰ্ষিঃ- ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আমি কেইজনমান বন্ধু লগ হৈ ডেউকা ফিল্মছৰ বেনাৰত প্ৰথম ছবি নিৰ্মাণ কৰিছিলো, যিয়ে ক্ৰছ ৰ’ডছ চলচ্চিত্ৰ মহোৎসৱত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল।

প্ৰশ্নঃ- ভাৰত তথা ভাৰতৰ বাহিৰতো বিভিন্ন বঁটা-বাহন,স্বীকৃতি পাইছে। এই লৈ কিবা বিশেষ অনুভৱ?

মহৰ্ষিঃ- ভি জি আই কে ফিল্ম স্কুল (The Gerasimov Institute of Cinematography)-ৰাছিয়া— যি ৰাছিয়াৰ— যি পৃথিৱীৰ আটাইতকৈ পুৰণি ফিল্ম স্কুল,যাৰ বিষয়ে পঢ়ি আহিছোলো, তাত বঁ‌টা লাভ কৰিলো, চিনেমাৰ ধ্বজাবাহকসকলৰ দ্বাৰা প্ৰতিষ্ঠিত স্কুলখনত শ্ৰেষ্ঠ ছবিৰ বঁ‌টা লাভ কৰাতো মোৰ বাবে আটাইতকৈ সুখপ্ৰদ অভিজ্ঞতা। পিছে, বঁ‌টা-বাহনতকৈ দৰ্শক, মানুহ মোৰ বাবে অধিক মূল্যবান।

প্ৰশ্নঃ- এই ছবিখনত অতুল পাচনীক সম্পূৰ্ণ এক ভিন্নৰূপত দৰ্শোৱা হৈছে। তেওঁ‌ক নিৰ্বাচনৰ আঁৰত কিবা বিশেষ কাৰণ?

মহৰ্ষিঃ- চিনেমাখনত অতুল পাচনীক নিৰ্বাচন কৰাতো মোৰ নাটকৰ গুৰু মাণিক ৰয় ছাৰৰ পৰামৰ্শ আছিল। জানিছিলো যে তেখেতৰ গতানুগতিক চৰিত্ৰ ৰূপায়ণৰ উৰ্দ্ধত এক বহুমুখীতা আছিল।

প্ৰশ্নঃ- অসমীয়া চিনেমাৰ উদ্যোগৰ বৰ্তমান অৱস্থা কেনে বুলি ভাবে?

মহৰ্ষিঃ- বৰ্তমান অৱস্থাক লৈ আশাবাদী। বহুলোকে যেনে— কংকন ডেকাৰ উপসৰ্গ, হিমাংশু প্ৰসাদ দাসৰ বুলু ফিল্ম আদি মূলধাৰাৰ চিনেমাৰ ক্ষেত্ৰত বীজ ৰূপণ কৰিছে। আৰু বহু লোকে কাম কৰি আছে। আমি এই বীজত সাৰ-পানী যোগাই আছো। এই যাত্ৰাত এটি ক্ষুদ্ৰ বিন্দু হ’ব খুজো আৰু হ’ম।

প্ৰশ্নঃ- অসমীয়া ছবি উদ্যোগটি প্ৰকৃতাৰ্থত এক উদ্যোগৰূপে গঢ় লোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা কি বুলি ভাবে?

মহৰ্ষিঃ- উদ্যোগটিত বৰ্তমান সময়ত এক অতি ঠেক বা একচেটিয়া কাৰবাৰ এটা চলি থকা পৰিলক্ষিত হয়, যি উদ্যোগটিৰ বাবে ক্ষতিকাৰক আৰু ইয়াৰ বিৰোধিতা কৰা জৰুৰী। মই নিজকে মাথোঁ কলাত্মক ধাৰাৰ ছবি নিৰ্মাতা হিচাপে সীমাবদ্ধ ৰাখিব নিবিচাৰো, বাণিজ্যিক দিশটোকো সাঙুৰি লোৱা ছবি নিৰ্মাণ কৰিব খুজো, যিয়ে পৰৱৰ্তী পৰ্যায়ত আৰু ছবি নিৰ্মাণৰ ক্ষেত্ৰত সাহ যোগাব।

প্ৰশ্নঃ- ছবি নিৰ্মাণৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা বা পাঠ্যক্ৰমৰ প্ৰয়োজন আছে বুলি ভাবে নে?

মহৰ্ষিঃ- আনুষ্ঠানিক শিক্ষা নোহোৱাকৈয়ো সম্ভৱ। পিছে, আনুষ্ঠানিক শিক্ষাই এটা আন্তঃগাঁ‌ঠনি মোক দিছে বুলি ভাবো। কাৰণ, শুওতে, উঠোতে, খাওতে, বহোতে যেতিয়া মাথোঁ চিনেমাক কেন্দ্ৰ কৰিয়েই জীয়াই থকা পৰিবেশে চিনেমাৰ প্ৰতি মোৰ প্ৰেমক আৰু অধিক উজ্জীৱিত কৰি তোলে। আৰু লগতেই যিমান পাৰি সিমানেই চিনেমা চোৱাতো খুবেই জৰুৰী।

প্ৰশ্নঃ- “অসমীয়া চিনেমা অসমীয়া মানুহে নেচাই’ বহুসময়ত ছবিনিৰ্মাতাৰ পৰা শুনিবলৈ পোৱা এই জাতীয়তাবাদী আৱেগৰ প্ৰদৰ্শনক কি দৃষ্টিৰে চাই আপুনি?

মহৰ্ষিঃ- মোৰ মাজৰ জাতীয়তাবাদে মোৰ অস্তিত্বক সংজ্ঞা দিয়ে। পিছে চিনেমা এখন দৰ্শকে চোৱা-নোচোৱাক জাতীয়তাবাদে ধাৰ্য নকৰে। এনে কৰিলে জাতীয় চেতনা বিকৃত হয় বুলিহে মই ভাবো।

প্ৰশ্নঃ- নিজৰ কামক লৈ সন্তুষ্ট নে?

মহৰ্ষিঃ- কিছুখিনি হয়, কিছুখিনি নহয়ো। সৰু পদক্ষেপ, অৱশ্যেই প্ৰাপ্তিক লৈ সুখী। আৰু বহু শিকিবলৈ বাকী, বহুযোজন বাট যাবলৈ বাকী। এতিয়াই অস্কাৰ পালে হয়তোবা মতিভ্ৰষ্টই হ’লো হয়!

প্ৰশ্নঃ- যিহেতু চিনেমা কলাৰ আটাইতকৈ শক্তিশালী দৃশ্য-শ্ৰাব্য মাধ্যম, ইয়াৰ জড়িয়তে কি বাৰ্তা দিবলৈ পাৰিব বুলি ভাবে আপুনি?

মহৰ্ষিঃ- চিনেমা নিৰ্মাণ মোৰ বাবে নিজকে বুজি পোৱাৰ এক প্ৰক্ৰিয়া, যাৰ যোগেদি মই মানুহৰ মাজলৈয়ো যাব খুজো। মোৰ অস্তিত্বৰ এটি প্ৰধান অংশ মোৰ দৰ্শন আৰু নৈতিক চৰিত্ৰ বুলি ভাবো,যাক মই ছবিৰ মাধ্যমেৰে প্ৰতিফলিত কৰিব বিচাৰো।

সাক্ষাৎ গ্ৰহণ ৰিমলী বৰকটকীৰ।

মেইল- [email protected]