NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জালত যুৱকক অমানুষিক অত্যাচাৰ কৰি শৰীৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2023 5:09 pm
Man urinating on youth

এগৰাকী যুৱকক খুঁটাত বান্ধি অমানুষিক অত্যাচাৰেৰে প্ৰথমে প্ৰহাৰ আৰু পিছত দেহত প্ৰস্ৰাৱ কৰি দিয়া এক চাঞ্চল্যকৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

এই নিৰ্বিচাৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত অভিযুক্ত এগৰাকী ব্যক্তিক হাইলাকান্দি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ধৃত ব্যক্তিগৰাকীৰ নাম নিজামুদ্দিন বৰভূঞা বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীয়ে ইতিমধ্যে এই গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা চাৰি অভিযুক্তৰ ভিতৰত বৰভূঞা অন্যতম।

উল্লেখযোগ্য যে নিজামুদ্দিন বৰভূঞা হৈছে এই গোচৰৰ প্ৰধান অভিযুক্ত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা উক্ত ঘটনাৰ ভিডিঅ’ত যুৱকজনক খুঁটাত বান্ধি নিৰ্যাতন চলোৱাৰ লগতে চাৰি অভিযুক্তই প্ৰস্ৰাৱ কৰা দেখিবলৈ পোৱা গৈছিল।

ৰাজ্যৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে এক টুইট যোগে হাইলাকান্দি আৰক্ষীক ভাইৰেল হৈ পৰা এই ভিডিঅ’টোৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ পিছতে হাইলাকান্দি আৰক্ষীয়ে তৎকালীনভাৱে এই ব্যৱস্থা লয়।

“মূখ্য অভিযুক্ত নিজামুদ্দিন বৰভূঞাক হাইলাকান্দি আৰক্ষীয়ে আন তিনিগৰাকীৰ সৈতে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পিছতে বৈধ ব্যৱস্থা লোৱা হ’ব।”- আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কয়।