NORTHEAST NOW (Assamese)
অসম

ভূমিকম্পত বিধ্বস্ত তুৰস্ক-চিৰিয়াত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰাৰ আশংকা ৰাষ্ট্ৰসংঘৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 12, 2023 1:27 pm

এতিয়ালৈকে তুৰস্ক আৰু চিৰিয়াৰ সীমান্তত হোৱা বিধ্বংসী ভূমিকম্পত নিহতৰ সংখ্যা ২৮ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ ভিতৰত তুৰস্কত ২৪,৬১৭ জন লোকৰ মৃত্যু হৈছে। আনহাতে, চিৰিয়াত মৃত্যু হৈছে ৩,৫৭৫ জন লোকৰ। অৱশ্যে, দুইখন দেশতে মৃত্যুৰ সংখ্যা এতিয়াৰ তুলনাত দুগুণ বা অধিক হ’ব পাৰে।

ৰাষ্ট্ৰসংঘৰ সাহায্য বিভাগৰ মুৰব্বী মাৰ্টিন গ্ৰিফিথছে শনিবাৰে এই কথা সদৰী কৰে। তেওঁ শনিবাৰে দক্ষিণ চিৰিয়াৰ কাহৰামনমাৰাচ চহৰলৈ গৈছিল। এইটো যোৱা সোমবাৰে হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, “মই ভাবো সঠিক হিচাপ দিয়াটো কঠিন। কিন্তু মই নিশ্চিত যে এইটো দুগুণ বা ততোধিক হ’ব।

তেওঁ লগতে কয়, “আমি প্ৰকৃততে মৃত্যুৰ সংখ্যা গণনা কৰা আৰম্ভ কৰা নাই।

বিষয়া আৰু চিকিৎসালয়ৰ সূত্ৰসমূহে কয় যে তুৰস্কত ২৪,৬১৭ জন আৰু চিৰিয়াত ৩,৫৭৫ জন লোকৰ মৃত্যু হৈছে। মুঠ মৃত্যুৰ সংখ্যা হৈছে ২৮,১৯১ জন।

হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে এতিয়াও হিমশীতল বতৰক উপেক্ষা কৰি তেওঁলোকৰ অভিযান চলাই আছে। প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে লাখ লাখ গৃহহীন লোক অবৰ্ণনীয় পৰিস্থিতিত আছে। তেওঁলোকক জৰুৰী ভিত্তিত সাহায্যৰ প্ৰয়োজন।

ৰাষ্ট্ৰসংঘই সতৰ্ক কৰি দিছে যে তুৰস্ক আৰু চিৰিয়াত কমেও ৮ লাখ ৭০ হাজাৰ লোকক জৰুৰীভাৱে সাহায্যৰ প্ৰয়োজন। কেৱল চিৰিয়াতে ৫৩ লাখ লোক গৃহহীন হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, শক্তিশালী ভূমিকম্পৰ ফলত ৬০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

ইপিনে, তুৰ্কীৰ উদ্ধাৰকাৰীসকলে ভূমিকম্পৰ ১২৯ ঘণ্টা পিছত ধ্বংসস্তূপৰ পৰা এটা পাঁচ জনীয়া পৰিয়ালক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। তেওঁলোকক গাজিয়ানটেপ প্ৰদেশৰ নুৰদাঘ চহৰৰ পৰা উদ্ধাৰ কৰা হৈছে।