NORTHEAST NOW (Assamese)
দেশ

গুগলৰ কাৰ্যালয়ত বোমা আক্ৰমণৰ ভাবুকি: আৰক্ষীৰ জালত অভিযুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2023 6:11 pm
Bomb threat at Google office

মুম্বাইস্থিত গুগলৰ কাৰ্যালয়ত ফোনযোগে দিয়া হ’ল বোমা আক্ৰমণৰ ভাবুকি। এক অচিনাক্ত ব্যক্তিয়ে ফোন যোগে পুনেত থকা গুগলৰ কাৰ্যালয়ত বোমা স্থাপন কৰা হৈছে বুলি ভাবুকি দিয়ে। এই ফোনকলৰ পিছতে কাৰ্যালয়টোত তাৎক্ষণিকভাৱে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা পিটিআই- ত প্ৰকাশিত বাতৰি অনুসৰি পুনেৰ মুন্ধৱা অঞ্চলৰ বহুমহলীয়া বাণিজ্যিক ভৱনৰ ১১ নং মহলাত অৱস্থিত কাৰ্যালয়টোলৈ দেওবাৰে গভীৰ নিশা কাৰ্যালয় চৌহদত বোমা ৰখা বুলি ফোন কৰে ব্যক্তিগৰাকীয়ে।

এই ভাবুকিভৰা ফোন কলৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তত উক্ত ফোনকল কেৱল ভয় খুৱাবলৈ কৰা আৰু ফোন যোগে দিয়া ভাবুকি সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হয়।

আৰক্ষীয়ে ফোন কৰাৰ সময়ত ব্যক্তিগৰাকীয়ে মদ্যপান কৰি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ সন্ধান উলিয়াই তেওঁক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

স্থানীয় আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে।