NORTHEAST NOW (Assamese)
দেশ

আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড! লিভ-ইন সংগীক হত্যা কৰি মেট্ৰেছেৰে সপ্তাহজুৰি মেৰিয়াই থ’লে দুৰ্বৃত্তই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2023 7:44 pm
Woman Killed By Live-In Partner

লিভ-ইন সংগীৰ হাতত প্ৰাণ হেৰুওৱা দিল্লীৰ নৃশংস শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডই দেশজুৰি খলকনিৰ সৃষ্টি কৰিছিল। এইবাৰ লিভ-ইন সংগীয়ে সংঘটিত কৰা আন এক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। অভিযুক্ত ব্যক্তিগৰাকীয়ে নিজৰ লিভ-ইন সংগীক হত্যা কৰি মৃতদেহ সপ্তাহজুৰি মেট্ৰেছেৰে মেৰিয়াই লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰাজ্যখনৰ পালঘৰ জিলাৰ তুলিঞ্জ এলেকাত এটা ভাড়াঘৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল। অভিযুক্ত ব্যক্তিগৰাকী তুলিঞ্জ এৰি ৰে’লযোগে পলায়ন কৰা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, মধ্য প্ৰদেশৰ নাগদাত এখন ৰে’লৰ পৰা ৰে’ল সুৰক্ষা বাহিনীৰ জোৱানে অভিযুক্ত ব্যক্তিগৰাকীক আটক কৰি আৰক্ষীক গতাই দিয়ে।

প্ৰকাশিত খবৰ অনুসৰি, মেঘা নামৰ ৩৭ বৰ্ষীয় এগৰাকী নাৰ্চক সোমবাৰে টুলিঞ্জ অঞ্চলত থকা তেওঁৰ ভাড়াঘৰত মৃত অৱস্থাত পোৱা গৈছিল। ঘৰটোৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছত স্থানীয় লোকসকলে সন্দেহবশত: আৰক্ষীক খবৰ দিছিল।

খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কোঠাৰ ভিতৰত মেট্ৰেছেৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটোৰ উৱলি যোৱা অৱস্থালৈ চাই বিগত সপ্তাহত হত্যা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা মতে অভিযুক্ত ব্যক্তিগৰাকী এগৰাকী নিবনুৱা যুৱক আৰু তেওঁ প্ৰায়ে লিভ-ইন সংগীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল। ঘটনাৰ দিনাও এনেদৰে কাজিয়াত লিপ্ত হৈয়ে তেওঁ এই হত্যাকাণ্ড কৰা বুলি সন্দেহ কৰা হৈছে।

তেওঁ লগতে জানিবলৈ দিয়া মতে তেওঁৰ এই হত্যাকাণ্ডৰ বিষয়ে মেছেজ যোগে নিজ ভগ্নীক হত্যাৰ অৱগত কৰিছিল আৰু পলায়ন কৰাৰ পূৰ্বে ঘৰৰ কিছু আচবাব বিক্ৰী কৰিছিল।

অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলি বিষয়াগৰাকীয়ে লগতে কয়।