NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড; ১৫০ খনতকৈও অধিক দোকান ভস্মীভূত

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট February 17, 2023 8:50 am

বৃহস্পতিবাৰে নিশা যোৰহাটৰ চ’ক বজাৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। ২৫ খন অগ্নিনিৰ্বাপক গাড়ীয়ে চহৰখনৰ মাজভাগৰ বজাৰখনত জুই নুমুৱাবলৈ  যুদ্ধকালীন তৎপৰতা গ্ৰহণ কৰে। এই ঘটনাত ১৫০ খনতকৈও অধিক দোকান ভস্মীভূত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে বজাৰখনৰ মূল গেটৰ ওচৰৰ এখন কাপোৰৰ দোকানত প্ৰথমতে জুই লাগিছিল।

যোৰহাটৰ আৰক্ষী অধীক্ষক এম এল মীনাই জনায়, “এতিয়ালৈকে আমি ক্ষয়ক্ষতিৰ  বিষয়ে বিতং ক’ব নোৱাৰো, কিন্তু ১০০ খনতকৈও অধিক দোকান ক্ষতিগ্ৰস্ত হৈছে কিয়নো ই এটা বাণিজ্যিক এলেকা। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ ততাতয়াকৈ আহি অঞ্চলটোত উপস্থিত হয়। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণাধীন। শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিছিল বুলি আমি সন্দেহ কৰিছো।”

এতিয়ালৈকে কোনো হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই কিয়নো নিশা হোৱাৰ বাবে সকলো দোকান বন্ধ আছিল আৰু মালিক তথা কৰ্মচাৰীসকলে তেওঁলোকৰ ঘৰলৈ গুচি গৈছিল।

জানিব পৰা মতে, ভস্মীভূত দোকানসমূহৰ বেছিভাগ কাপোৰ আৰু গেলামালৰ দোকান আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ওচৰৰ তিতাবৰ আৰু মৰিয়নি চহৰ আৰু গোলাঘাট জিলাৰ পৰা বিধ্বংসী জুই নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত অগ্নি নিৰ্বাপক গাড়ী অনা হৈছিল।

স্থানীয় লোকে জানিবলৈ দিয়ে যে সংকীৰ্ণ ৰাস্তাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ ঘটনাস্থলীত উপস্থিত হোৱাত সমস্যাৰ সৃষ্টি হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে এই অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ লোকচান হোৱাৰ অনুমান কৰা হৈছে যদিও জুই সম্পূৰ্ণ নুমুৱাৰ পিছতহে পিছতহে প্ৰকৃত ক্ষতিৰ পৰিমান জনা যাব।

উল্লেখ্য যে যোৱা দুমাহৰ ভিতৰত যোৰহাটত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ এইটো দ্বিতীয় ঘটনা। যোৱা ডিচেম্বৰত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত চহৰখনৰ মাৰোৱাৰী পট্টি অঞ্চলৰ কেইবাখনো দোকান ভস্মীভূত হৈছিল।