NORTHEAST NOW (Assamese)
অসম

তীব্ৰ চাঞ্চল্যৰ সৃষ্টি: নিশাই দুবৃত্তই ফচল কাটি তহিলং কৰিলে ৰবি শস্যৰ ক্ষেত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2023 7:51 pm

সমগ্ৰ নামনি অসমৰ লগতে বঙাইগাঁও জিলাতো নিশা দুৰ্বৃত্তই ৰবি শস্যৰ ফচল কাটি তহিলং কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। অৰ্থাৎ কৃষকে অতি কষ্ট কৰি খাদ্য-শস্য অৰ্থাৎ শাক-পাচলিৰ ফচল নিশাটোৰ ভিতৰতে কোনো দুবৃত্তই কাটি তহিলং কৰিছে।

প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহুকুমাৰ অন্তৰ্গত নাম্বাৰপাৰা গাঁৱত যোৱা নিশা আব্দুল বাৰেকৰ তিতা কেৰেলাৰ খেতিপথাৰত কোনো দুৰ্বৃত্তৰ দলে ফচল কাটি তহিলং কৰে।

বুধবাৰে ৰাতিপুৱা আব্দুল বাৰেকে ফচলহীন ৰবি শস্যডৰা প্ৰত্যক্ষ কৰি মূৰে কপালে হাত দি ক্ৰন্দন ভাগি পৰে।

কৃষক বাৰেক নিৰূপায় হৈ সাংবাদিকৰ আগত আৰক্ষীয়ে তদন্ত কৰি দুবৃত্তক ধৰা পেলাই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।

ইফালে এই ঘটনা বিয়পি পৰা পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজেও আৰক্ষী তদন্ত কৰি দুবৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে।