NORTHEAST NOW (Assamese)
Popular Stories

নৰেন্দ্ৰ মোডীৰ চৰকাৰে দেশত ঘৃণাৰ জুই জ্বলাইছে : ছোনিয়া গান্ধী

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 25, 2023 7:25 pm

শনিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সকলো প্ৰতিষ্ঠান দখল কৰি বিৰোধীৰ কণ্ঠ দমন কৰি ঘৃণাৰ জুই জ্বলাইছে

ৰায়পুৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৮৫ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশনত ভাষণ দি এই মন্তব্য প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰীগৰাকীয়ে।

ছোনিয়া গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে ঘৃণাৰ জুইকুৰা জ্বলাই সংখ্যালঘু, দলিত, আদিবাসী আৰু মহিলাক লক্ষ্য কৰি লৈছে। তেওঁ লগতে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ‘বিজেপি-আৰএছএছ’ চৰকাৰে সকলো প্ৰতিষ্ঠান দখল কৰি বিৰোধীৰ কণ্ঠ দমন কৰিছে।

কংগ্ৰেছৰ সভাপতি হিচাপে নিজৰ সময়ক কথা উল্লেখ কৰি তেওঁ কয়, “১৯৯৮ চনত কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাটো মোৰ বাবে সন্মানৰ বিষয় আছিল। ২৫ বছৰত দলটোৱে বহু মহান সাফল্য লাভ কৰাৰ লগতে হতাশাৰো সন্মুখীন হৈছে।”

সভাপতি হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকাল ‘ভাৰত জোডো যাত্ৰা’ৰ জৰিয়তে সমাপ্ত হোৱাটো অতি সুখকৰ অভিজ্ঞতা বুলিও কয় ছোনিয়া গান্ধীয়ে।

ছোনিয়াই কয় যে এই যাত্ৰাই কংগ্ৰেছ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক অধিক সমৃদ্ধ কৰিছে। তেওঁ এই ভ্ৰমণৰ বাবে ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন কৰে।