NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ অৰুণাচলৰ পৰা গুজৰাটলৈ : ৰাহুল গান্ধীয়ে আকৌ আৰম্ভ কৰিব অন্য এক ‘ভাৰত জোড়ো’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2023 8:24 pm

প্ৰায় ১ মাহ পূৰ্বে অন্ত পৰিছিল কংগ্ৰেছৰ ‘ভাৰত জোৰো যাত্ৰা’ৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এই পদযাত্ৰাই সফলতা লাভ কৰাৰ লগতে দেশৰ জনগণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়। সেই সফলতাৰ পিছত এইবাৰ কংগ্ৰেছে আন এক পদযাত্ৰা কৰাৰ কথা ভাবিছে। এইবাৰ কংগ্ৰেছে দেশৰ পূৱৰ পৰা পশ্চিমলৈ পদযাত্ৰাৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে। দেওবাৰে এই পৰিকল্পনাৰ কথা ব্যক্ত কৰিছে দলটোৰ মুখপাত্ৰ জয়ৰাম ৰমেশে।

যোৱা বছৰৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল ‘ভাৰত জোড়ো যাত্ৰা’। ১৪৬ দিনীয়া এই যাত্ৰাৰ অন্ত পৰিছিল এই বছৰৰ ৩১ জানুৱাৰী তাৰিখে জম্মুকাশ্মীৰৰ শ্ৰীনগৰত। এই যাত্ৰাৰ আগৰণুৱা সেনাপতি আছিল ৰাহুল গান্ধী। বিজেপিয়ে ভাগ ভাগ কৰা দেশৰ জনগণক এক কৰাৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰিছিল এই যাত্ৰা। দিন পাৰ হৈ যোৱাৰ লগে লগে এই যাত্ৰাৰ প্ৰতি কংগ্ৰেছে অভূতপূৰ্ব সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছিল। বহু গণ্যমান্য ব্যক্তিয়ে ৰাহুলৰ সৈতে খোজ কাঢ়িছিল ভাৰত জোড়ো যাত্ৰাত। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে হাত মিলাইছিল ৰাহুল গান্ধীৰ লগত।

ভাৰত জোড়ো যাত্ৰা’ৰ সফলতাৰ পাছত এইবাৰ কংগ্ৰেছ নেতৃত্বই দেশৰ পূবৰ পৰা পশ্চিমলৈ আন এক পদযাত্ৰা কাৰ্যসূচীৰ কথা চিন্তা কৰিছে। সংবাদ সংস্থা পিটিআইৰ মতে, অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা গুজৰাটৰ পোৰবন্দৰলৈ এই যাত্ৰা কৰা হ’ব।

অৱশ্যে এই যাত্ৰাৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে এই কাৰ্যসূচী ‘ভাৰত জোড়ো যাত্ৰা’তকৈ পৃথক হ’ব। তেওঁ কয় যে, এই কাৰ্যসূচীক কেন্দ্ৰ কৰি যথেষ্ট উৎসাহ আছে। মইও ব্যক্তিগতভাৱে এই যাত্ৰা হোৱাটো বিচাৰো। কিন্তু পূবপশ্চিম যাত্ৰা ভাৰত জোড়োৰ তুলনাত পৃথক হ’ব।কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে, এই যাত্ৰা আৰম্ভ হোৱাৰ তাৰিখ এতিয়াও নিৰ্ণয় কৰা হোৱা নাই।