NORTHEAST NOW (Assamese)
Popular Stories

হৃদৰোগত আক্ৰান্ত সুস্মিতা সেন; কেনে আছে অভিনেত্ৰীগৰাকী?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 2, 2023 6:49 pm

বলীউডৰ অভিনেত্ৰী সুস্মিতা সেন হৃদৰোগত আক্ৰান্ত হৈছে। দুদিন আগতে তেওঁ আক্ৰান্ত হৈছিল যদিও বৃহস্পতিবাৰেহে বাতৰিটো পোহৰলৈ আহে। বাতৰি অনুসৰি তেওঁ এঞ্জিওপ্লাষ্টি কৰাইছিল। হৃদপিণ্ডত ষ্টেণ্ট বহুওৱা হৈছে। সকলোকে আশ্বাস দি সুস্মিতাই কৈছে যে তেওঁ এতিয়া সুস্থ আছে।

প্ৰাক্তন মিছ ইউনিভাৰ্ছগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “দুদিন পূৰ্বে মই হৃদৰোগত আক্ৰান্ত হৈছিলো। এঞ্জিওপ্লাষ্টি কৰা হৈছে। ষ্টেণ্টটো বহুওৱা হৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ হৃদৰোগ বিশেষজ্ঞই নিশ্চিত কৰিছে যে মোৰ হৃদযন্ত্ৰটো ডাঙৰ।‘’

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, “এই পোষ্টটোৰ উদ্দেশ্য হৈছে আপোনালোকক ভাল খবৰ দিয়া। সকলো ঠিকেই আছে। মই আকৌ জীৱনৰ বাবে সাজু।‘’ তেওঁ এই কঠিন সময়ত তেওঁৰ কাষত থিয় দিয়া সকলোকে ধন্যবাদ জনাইছিল।

সুস্মিতা সদায় ফিটনেছ সচেতন আছিল। তেওঁ বিভিন্ন সময়ত তেওঁৰ ব্যায়ামৰ বিভিন্ন ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। স্বাভাৱিকতে, অনুৰাগীসকলে তেওঁৰ দৰে ফিট ব্যক্তি হৃদৰোগত আক্ৰান্ত হোৱাৰ খবৰক লৈ চিন্তিত হৈ পৰিছে। বহুতে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।

এই মুহূৰ্তত সুস্মিতাৰ হাতত আছে ৱেব ছিৰিজ ‘আৰোগ্য ৩’ৰ কাম । তেওঁক ট্ৰেন্সজেণ্ডাৰ সমাজকৰ্মী গৌৰীৰ জীৱন সম্পৰ্কীয় এখন চলচ্চিত্ৰ ‘টালি’ত দেখা যাব।