NORTHEAST NOW (Assamese)
অসম

মাতাল অৱস্থাত সদায় চলাইছিল নিৰ্যাতন! খঙতে কুঠাৰেৰে স্বামীৰ যৌনাংগ কাটি হত্যা পত্নীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 4, 2023 11:55 am

দিনে দিনে স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত পত্নীয়ে স্বামীৰ যৌনাংগ কাটি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মধ্য প্ৰদেশৰ চিংৰাউলিত ঘটিছে এই ঘটনা। মৃত ব্যক্তিজনক বীৰেন্দ্ৰ গুৰ্জৰ বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত পত্নীৰ নাম কাঞ্চন গুৰ্জৰ। বাতৰি অনুসৰি, কাঞ্চন বীৰেন্দ্ৰৰ পঞ্চম পত্নী আছিল। ইয়াৰ পূৰ্বে বীৰেন্দ্ৰৰ নিৰ্যাতনত অতিষ্ঠ চাৰিগৰাকী পত্নীয়ে তেওঁক এৰি গৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ২২ ফেব্ৰুৱাৰীত বীৰেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে তেওঁৰ ডিঙি আৰু যৌনাংগত আঘাতৰ ফলত মৃত্যু হৈছিল।

লগতে পঢ়ক: ডবল মাৰ্ডাৰ! আমৰিকা কঁপাই যোৱা পত্নী-পুত্ৰৰ হত্যাকাৰী অধিবক্তা এলেক্স মুৰ্ডাউগক যাৱজ্জীৱন কাৰাদণ্ড

কোতৱালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰুণ পাণ্ডেই কৈছিল যে বীৰেন্দ্ৰৰ পত্নীয়ে আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। তদন্তৰ সময়ত আৰক্ষীয়ে মৃতকৰ কেইবাজনো আত্মীয়ক জেৰা কৰিছিল। ইয়াৰ পিছত আৰক্ষীয়ে তেওঁৰ পত্নী কাঞ্চনৰ ওপৰতো সন্দেহ কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰাৰ পিছতেই গোটেই ঘটনাটো পোহৰলৈ আহে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জেৰাৰ সময়ত কাঞ্চনে আৰক্ষীক কৈছিল যে তেওঁৰ স্বামী বীৰেন্দ্ৰই সুৰাপান কৰিছিল আৰু নিচাগ্ৰস্ত অৱস্থাত তেওঁক নিৰন্তৰ প্ৰহাৰ কৰিছিল। আৰু সেয়েহে, ২১ ফেব্ৰুৱাৰীৰ নিশা তেওঁ স্বামীৰ খাদ্যত ২০ টা টোপনিৰ বড়ি মিহলি কৰিছিল। পিছত শুই থাকোঁতে তেওঁ স্বামীক তেওঁৰ যৌনাঙ্গ আৰু ডিঙিত কুঠাৰে ঘপিয়াই হত্যা কৰিছিল।

লগতে পঢ়ক: জ্বলা জুইত ঘিউ ঢালিছে বিডেনে! ইউক্ৰেইনক পুনৰ ৪০ কোটি ডলাৰৰ অস্ত্ৰ দিব আমেৰিকাই

ইপিনে, হত্যাৰ পিছত কাঞ্চনে তেওঁৰ স্বামীৰ মৃতদেহটো কাপোৰত মেৰিয়াই ৰাস্তাৰ কাষত পেলাই দিছিল। প্ৰমাণ ধ্বংস কৰিবলৈ মৃতকৰ কাপোৰ কানি আৰু চেণ্ডেল জ্বলাই দিয়া হৈছিল।

কাঞ্চনৰ স্বীকাৰোক্তিৰ পিছত,আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁ বৰ্তমান ন্যায়িক জিম্মাত আছে।