NORTHEAST NOW (Assamese)
দেশ

তিহাৰ জেললৈ মনীষ চিছ’দিয়া: শুকুৰবাৰে আদালতে গ্ৰহণ কৰিব জামিন আবেদনৰ শুনানি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2023 3:28 pm
Manish Sisodia

সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক আজি বিশেষ আদালতে ২০ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতৰ এই নিৰ্দেশনাৰ পিছতে আম আদমী পাৰ্টিৰ নেতা গৰাকীক তিহাৰ জেললৈ স্থানান্তৰ কৰা হ’ব।

চিবিআইৰ জিম্মা শেষ হোৱাৰ পিছত আজি বিয়লি বিশেষ আদালতত হাজিৰ কৰোৱা হয় চিছ’দিয়াক। গ্ৰেপ্তাৰৰ পিছতে তেওঁক প্ৰথমে ৫ দিনৰ বাবে আৰু ইয়াৰ পিছত শনিবাৰে পুনৰ দুদিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

চিছ’দিয়াই আজি পুনৰ জামিনৰ বাবে আবেদন জনাইছিল যদিও আদালতে তেওঁৰ জামিন আবেদন শুকুৰবাৰে গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে। আপ নেতাগৰাকীয়ে জামিন আবেদনত জিম্মাত থকাৰ সময়ত চিবিআই- এ তেওঁক বাৰে বাৰে একে প্ৰশ্ন কৰি মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছিল।

তেওঁৰ এই অভিযোগৰ পিছতে আদালতে চিবিআইক চিছ’দিয়াক একে প্ৰশ্ন নকৰিবলৈ আৰু নতুন কোনো প্ৰশ্ন থাকিলেহে সুধিবলৈ নিৰ্দেশ দিয়ে। আনহাতে চিবিআইয়েও জেৰাৰ সময়ত চিছ’দিয়াই তদন্তকাৰী বিষয়াসকলক সহযোগ কৰা নাই বুলি অভিযোগ কৰিছে।

উল্লেখ্য যে, গ্ৰেপ্তাৰৰ পিছতে চিছ’দিয়াই চিবিআইৰ এই কাৰ্যৰ বিৰোধিতাৰে শীৰ্ষ আদালতৰ কাষ চাপিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে চিছ’দিয়াৰ আবেদন অগ্ৰাহ্য কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ পৰামৰ্শ দিছিল।