NORTHEAST NOW (Assamese)
দেশ

কংগ্ৰেছে বৈদ্যুতিকৰণ নকৰাৰ বাবেই দেশত বৃদ্ধি পাইছিল জনসংখ্যা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2023 9:13 pm
Pralhad Joshi on Population surged

দেশত জনসংখ্যা বৃদ্ধিৰ কাৰণ সন্দৰ্ভত এক নতুন তত্ব আৱিষ্কাৰ কৰিছে কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্ৰহ্লাদ যোশীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, বিজেপি ক্ষমতালৈ অহাৰ পূৰ্বে শাসনত থকা কংগ্রেছে দলটোৰ শাসনকালত বিদ্যুৎ যোগান ধৰা নাছিল, যাৰ ফলস্বৰূপে দেশত জনসংখ্যা বৃদ্ধি পাইছিল!

নিৰ্বাচনমুখী কৰ্ণাটকত এই আজৱ দাবী কৰিছে বিজেপিৰ জেষ্ঠ নেতাগৰাকীয়ে। কর্ণাটকত শাসনলৈ আহিলে কংগ্ৰেছে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰা হ’ব বুলি দিয়া প্রতিশ্রুতিক সমালোচনা কৰিবলৈ গৈ এই উদ্ভট দাবী কৰে প্ৰহ্লাদ যোশীয়ে।

এক নিৰ্বাচনী সভাত নিজ ভাষণত কংগ্ৰেছক সমালোচনা কৰি যোশীয়ে কয়, “এতিয়া কংগ্ৰেছে কৈছে যে তেওঁলোকে বিনামূলীয়াকৈ বিদ্যুৎ দিব। তেওঁলোকে বিনামূলীয়াকৈ বিদ্যুৎ দিব বুলি বিশ্বাস কৰেনে? তেওঁলোকৰ শাসনকালত কেতিয়াও বিদ্যুৎ দিয়া নাছিল।”

এই প্ৰসঙ্গতে যোশীয়ে আগবঢ়ায় জনসংখ্যা বৃদ্ধি সন্দৰ্ভত তেওঁৰ ন-তত্ব। ভাষণত তেওঁ কয়, “কংগ্ৰেছে তেওঁলোকৰ চৰকাৰৰ দিনত কম পৰিমাণৰ বিদ্যুৎ যোগান ধৰিছিল, গতিকে আমাৰ জনসংখ্যা বৃদ্ধি পাইছে।”

কংগ্ৰেছৰ শাসনকালত দেশৰ গাঁৱে-ভূঞে কেতিয়াও বিদ্যুৎ নাছিল বুলি দাবী কৰি কেন্দ্ৰীয় মন্ত্ৰী যোশীয়ে লগতে প্ৰধানমন্ত্ৰী মোদী ক্ষমতালৈ অহাৰ পিছত বিজেপিয়ে ২৪ ঘণ্টাই বিদ্যুৎ দিবলৈ সক্ষম হৈছে বুলি দৃঢ়তাৰে দাবী কৰে।

উল্লেখ্য যে, অহা মে’ মাহৰ ভিতৰত কৰ্ণাটকত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। কৰ্ণাটক কংগ্ৰেছে আগন্তুক ৰাজ্যিক নিৰ্বাচনত জয়ী হ’লে প্ৰতিমাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।

চলিত বৰ্ষৰে জানুৱাৰী মাহত কংগ্ৰেছে ৰাজ্যজুৰি বাছ ভ্ৰমণ ‘প্ৰজা ধ্বনি যাত্ৰা’ৰ সময়ত এই কথা ঘোষণা কৰিছিল।