NORTHEAST NOW (Assamese)
দেশ

যন্তৰ মন্তৰত অনশনত বহিল ভাৰত ৰাষ্ট্ৰ সমিতিৰ জ্যেষ্ঠ নেত্ৰী কে কবিতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2023 11:26 am
K Kavitha's Hunger Strike

সংসদত মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰাৰ দাবীত আজি ৰাজধানী নতুন দিল্লীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ভাৰত ৰাষ্ট্ৰ সমিতিৰ জ্যেষ্ঠ নেত্ৰী তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাই।

কবিতাৰ এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াই কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টিকে ধৰি কেইবাটাও বিৰোধী দলৰ নেতাই যন্তৰ মন্তৰত এই দিনজোৰা প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, দিল্লী সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে কবিতালৈ জেৰাৰ বাবে চমন জাৰি কৰিছে। শনিবাৰে তদন্তকাৰী সংস্থাটোৰ জেৰাৰ সন্মুখীন হ’ব বি আৰ এছ- ৰ নেত্ৰীগৰাকী

অনশন কাৰ্যসূচী সন্দৰ্ভত কে কবিতাই কয়, “মহিলা সংৰক্ষণ বিধেয়কক লৈ দিল্লীত ৰূপায়ণ কৰিবলগীয়া অনশন সম্পৰ্কে আমি ২ মাৰ্চত এখন পোষ্টাৰ প্ৰকাশ কৰিছিলো। ইডিয়ে মোক ৯ মাৰ্চত জেৰাৰ বাবে চমন দিছিল।”

“মই ১৬ মাৰ্চত জেৰাৰ বাবে ইডিক অনুৰোধ কৰিছিলো। কিন্তু ইডিয়ে মোক সোধা-পোছা কৰিবলৈ কিয় লৰালৰি কৰিছে নাজানো, যাৰ বাবে মোৰ প্ৰতিবাদৰ এদিন আগতে উপস্থিত হ’বলৈ জাননী দিছে!”— কালি সাংবাদিকৰ আগত এইদৰে কয় বিৰোধী নেত্ৰীগৰাকীয়ে।

তেওঁ লগতে এক আছুতীয়া সাক্ষাৎকাৰত যিকোনো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেৰা কৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেৰাৰ কৰাৰ দৰেই বুলিও কটুক্তি কৰিছিল।