NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়ে চীনৰ প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তন ঘটালে জিনপিঙে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2023 9:04 pm
China’s new pm

তৃতীয় বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ছি জিনপিং। চীনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰীক সলনি কৰিলে জিনপিঙে। তেওঁৰ এই প্ৰস্তাৱৰ পিছতে দেশৰ সংসদে ছি জিনপিঙৰ ঘনিষ্ঠ সমৰ্থক লি কুইয়াঙক পৰৱৰ্তী পাঁচ বছৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে অনুমোদন জনায়।

কমিউনিষ্ট পাৰ্টিৰ নিয়ন্ত্ৰিত চীনৰ ৰাজ্যিক সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ২৯৩৬ গৰাকী প্ৰতিনিধিয়ে সংসদীয় ভোটত কুইয়াঙক প্ৰধানমন্ত্ৰীৰ পদৰ বাবে সমৰ্থন কৰাৰ বিপৰীতে মাত্ৰ ৩ গৰাকী জিনপিঙৰ সিদ্ধান্তৰ বিপক্ষে ভোট দান কৰে। আনহাতে ৮ গৰাকী প্ৰতিনিধিয়ে এই ভোটদানত অংশ লোৱা নাছিল।

নৱ নিযুক্ত প্ৰধানমন্ত্ৰী কুইয়াং প্ৰাথমিক অৱস্থাত পাম্পিং ষ্টেচনত এগৰাকী শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁ চীনা কমিউনিষ্ট পাৰ্টিৰ শ্ৰমিক শাখাত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ পৌৰসভা পৰ্যায়ত ৰাজনীতিত প্ৰৱেশ কৰে।

২০১৭ চনৰ পৰা তেওঁ চাংহাই চহৰৰ কমিউনিষ্ট পাৰ্টিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ছি জিনপিং কমিউনিষ্ট পাৰ্টিৰ সভাপতি আৰু সাধাৰণ সম্পাদক হোৱাৰ পিছত ২০১২ চনত কুৱাঙক বেইজিং প্ৰদেশৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল।

উল্লেখ্য যে, ছি জিনপিঙে যোৱা অক্টোবৰ মাহত তৃতীয়বাৰৰ বাবে চীনা কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তদুপৰি কমিউনিষ্ট পাৰ্টিৰ ২০ সংখ্যক ৰাষ্ট্ৰীয় কংগ্ৰেছত কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদত নিজৰ ঘনিষ্ঠ নেতাক নিযুক্তি দিবলৈ সক্ষম হৈছিল ছি জিনপিং।