NORTHEAST NOW (Assamese)
দেশ

দেশত মৃত্যু সপ্তমগৰাকী H3N2 ভাইৰাছ সংক্ৰমিত ৰোগীৰ: বৃদ্ধি পাইছে সংক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 14, 2023 3:35 pm
death in H3N2 influenza virus

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছত সংক্ৰমিত ৰোগী। সমান্তৰালভাৱে দেশত এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি পাইছে। আজি H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছত আক্ৰান্ত হৈ গুজৰাটত এগৰাকী ৫৮ বছৰীয়া মহিলাৰ মৃত্যু হয়।

মৃত মহিলাগৰাকী বদোদৰাৰ এছ এছ জি হাস্পতালত চিকিৎসাধীন হৈ আছিল বুলি স্থানীয় বিষয়াসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে, কৰ্ণাটকত দেশৰ ভিতৰতে প্ৰথমগৰাকী H3N2 আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল।

কৰ্ণাটকৰ হাছান জিলাত মৃত্যু হৈছিল এই ৮২ বছৰীয়া ব্যক্তিগৰাকীৰ। ইফালে শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২ জানুৱাৰীৰ পৰা ৫ মাৰ্চলৈ দেশত H3N2 ভাইৰাছত আক্ৰান্ত ৪৫১ গৰাকী ৰোগী ধৰা পৰিছে।

আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি H3N2 হৈছে সাধাৰণতে গাহৰিৰ মাজত সংক্ৰমণ হোৱা ইনফ্লুৱেঞ্জা ভাইৰাছ আৰু শেহতীয়াকৈ এই ভাইৰাছে মানুহক আক্ৰান্ত কৰিছে।

এই ভাইৰাছৰ লক্ষণসমূহ ঋতুভিত্তিক ফ্লু ভাইৰাছৰ দৰেই। সাধাৰণতে এই ভাইৰাছত আক্ৰান্ত হ’লে জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত লক্ষণ যেনে কাহ, পানী লগা, শৰীৰৰ বিষ, বমি আদি লক্ষণে দেখা দিব পাৰে।