NORTHEAST NOW (Assamese)
Popular Stories

এগৰাকী মহিলাই সংগ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁ যৌন সম্পৰ্কত সন্মতি দিছে : দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 15, 2023 9:47 am

এগৰাকী মহিলাই সংগ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁ যৌন সম্পৰ্কত সন্মতি দিছে – সুজিত সৰকাৰৰ গোলাপীনামৰ চিনেমাখনত অধিবক্তা দীপক সাহগলৰ চৰিত্ৰত অমিতাভ বচ্চনে ঠিক এই কথাই কৈছিল। তেওঁ কৈছিল যে যদি তেওঁৰ ক্লায়েণ্টে সেইদিনা যৌন নিৰ্যাতন কৰিব খোজা যুৱকজনক হত্যা নকৰিলেহেঁতেন তেন্তে তেওঁক নিশ্চিতভাৱে ধৰ্ষণ কৰা হ’লহেঁতেন। আৰু তাৰ পিছত এই অনিবাৰ্য প্ৰশ্নৰ উত্থাপিত হয় সেই ডেকা ল’ৰাটোৰ লগত তেওঁ কিয় গৈছিল?

মঙলবাৰে বিয়লি সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে। ন্যায়াধীশ অনুপ জয়ৰাম ভাম্বানীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে এগৰাকী মহিলাই সংগ দিয়াৰ অৰ্থ এইটো নহয় যে তেওঁ যৌন সম্পৰ্কত সন্মতি দিছে। আনকি, মহিলাগৰাকীয়ে যুৱকজনৰ লগত কিমান দিন আছে, সেয়াও যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বচৰ্ত হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে স্পষ্ট কৰি দিয়ে।

চেক গণৰাজ্যৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয় মালিক ওৰফে সন্ত সেৱক দাসৰ অধিবক্তাই অভিযুক্তৰ জামিন আবেদন কৰি কয় যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ ক্লায়েণ্টৰ সৈতে আছিল।

ইয়াৰ পিছতেই জামিনৰ আবেদন খাৰিজ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে, “যদি কোনো মহিলাই কোনো পুৰুষৰ সৈতে থাকিবৰ বাবে সন্মতি প্ৰকাশ কৰে, সেয়া লাগিলে যিমান দিনৰ বাবেই নহওঁক, মহিলাগৰাকীয়ে একেলগে থাকিবলৈ প্ৰদান কৰা এই সন্মতিক পুৰুষজনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি দিয়া বুলি ধৰি ল’ব নোৱাৰি।”

ন্যায়ালয়ৰ এই ৰায়দানক এক ঐতিহাসিক ৰায়দান বুলি দাবী কৰিছে আইন বিশেষজ্ঞ সকলে। যৌনতাৰ বাবে সন্মতি মূল কথা সেয়া স্পষ্ট কৰি দিলে ন্যায়ালয়ে। এই ৰায়দানৰ পিছত যৌন শোষণকাৰীসকলে শাস্তি পোৱাত থকা যথেষ্ট বাধা আঁতৰিব।