NORTHEAST NOW (Assamese)
অসম

৪৫ বছৰত বলীউডৰ ‘ৰাণী’: কামাখ্যাত ল’লে আশীৰ্বাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2023 8:35 pm
Rani Mukerji visits Kamakhya

আজি ৪৫ বছৰত ভৰি দিলে বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে। নিজৰ ৪৫ তম জন্মদিনত গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰত আশীষ লয় অভিনেত্ৰী গৰাকীয়ে।

কটকটীয়া নিৰাপত্তাৰ মাজতে পৰিয়ালৰ সৈতে কামাখ্যাত উপস্থিত হৈ প্ৰাৰ্থনা কৰে মুখাৰ্জীয়ে। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ পাছতে পোনে পোনে কামাখ্যালৈ ৰাওনা হয় অভিনেত্ৰীগৰাকী।

মন্দিৰ চৌহদত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাণী মুখাৰ্জীয়ে জন্মদিনৰ দিনাই কামাখ্যা মন্দিৰত সেৱা আগবঢ়াই সুখী হোৱা বুলি উল্লেখ কৰে।

উল্লেখ্য যে, যোৱা ১৭ মাৰ্চত ছবিগৃহত মুক্তি পাইছে ৰাণী অভিনীত নতুন ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’। সাগৰিকা চক্ৰৱৰ্তীৰ গ্ৰন্থ “দ্য জাৰ্নি অৱ এ মাদাৰ”ৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন।

অভিনেতাগৰাকীয়ে চলিত বৰ্ষৰ শেষৰ ফালে এখন স্মৃতিগ্ৰন্থও মুকলি কৰিব। এই গ্ৰন্থখনত তেওঁ চলচ্চিত্ৰ জগতৰ নিজৰ ২৫ বছৰীয়া কেৰিয়াৰৰ বিষয়ে আলোকপাত কৰিব বুলি জানিব পৰা গৈছে।