NORTHEAST NOW (Assamese)
দেশ

দেশত একনায়কত্ববাদ চলিছে নেকি! বিজপিক বাক্যবাণ তেজস্বী যাদৱৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2023 10:37 pm
Tejashwi Yadav

ৰে’লৱে নিযুক্তি কেলেংকাৰীৰ গোচৰত তদন্তৰ সন্মুখীন হোৱা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব বুলি বিজেপিৰ কেইবাগৰাকীও নেতাই কৰা মন্তব্যক প্ৰত্যুত্তৰ দিছে যাদৱে। বিজেপি নেতাসকলৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেজস্বী যাদৱে দেশত একনায়কত্ববাদ চলি আছে নেকি বুলি প্ৰশ্ন কৰে।

যাদৱে লগতে এয়া সম্পূৰ্ণ আইনী বিষয় বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে আইনীভাৱে যুঁজা হ’ব বুলি মন্তব্য কৰে। তেওঁ কয়, “ এয়া আইনী বিষয় আৰু আমি আইনীভাৱে যুঁজিম। কিন্তু প্ৰকৃত প্ৰশ্নটো হৈছে, ইয়াৰ আঁৰৰ চিত্ৰনাট্যকাৰ কোন। তেওঁলোকে স্বতন্ত্ৰ সংস্থাসমূহক কিয় স্বাধীনভাৱে কাম কৰিবলৈ নিদিয়ে? সেইটোৱেই আচল প্ৰশ্ন।”

তেওঁ লগতে কেন্দ্ৰীয় সংস্থাসমূহক বিজেপিয়ে হাইজেক কৰিছে বুলি অভিযোগ কৰে। পূৰ্বেও চিবিআইয়ে নিযুক্তি কেলেংকাৰী গোচৰৰ দুবাৰ তদন্ত কৰিছে বুলি সোঁৱৰাই দি যাদৱে বিগত ছবছৰ ধৰি তদন্ত সংস্থাসমূহে কি কৰি আহিছে বুলি প্ৰশ্ন কৰে।

শাসকীয় বিজেপিয়ে সকলো স্বতন্ত্ৰ সংস্থাৰ ওপৰত নিয়ন্ত্ৰণ চলাইছে বাবে দেশৰ সংবিধান আৰু গণতন্ত্ৰ বিপদত পৰিছে বুলিও যাদৱে অভিযোগ কৰে। বিহাৰৰ দুই বৃহৎ দল আৰজেডি আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ বাবে বিজেপি অস্থিৰহৈ পৰা বুলি দাবী কৰি যাদৱে বিজেপি নেতাসকলক জেললৈ যাব লাগিব বুলি কটাক্ষ কৰে।

বিজেপি নেতাসকলে যাদৱ শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব বুলি কৰা মন্তব্যক তীক্ষ্ণ আক্ৰমণ কৰি তেওঁ কয়, “কোন জেললৈ যাব আৰু কোন নাযাব সেয়া নিৰ্ণয় কৰিবলৈ তেওঁলোক কোন? এয়া একনায়কত্ববাদ নেকি? আমি কৈ আহিছো যে বিজেপিয়ে সকলো সংস্থাৰ ওপৰত নিয়ন্ত্ৰণ চলাইছে সেইবাবেই সংবিধান আৰু গণতন্ত্ৰ বিপদত পৰিছে।”

“বিজেপিয়ে নিজৰ এজেণ্ডা কাৰ্যকৰী কৰিবলৈ সকলো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে। আমি আৰজেডি আৰু জেডিইউ একত্ৰিত হৈছো, গতিকে ২০২৪ত হ’বলগীয়া লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে ভয় খাইছে। তেওঁলোক আতংকিত হৈ পৰিছে।ৰাইজে সকলো চাই আছে, নিশ্চয় সঁহাৰি জনাব।”— যাদৱে লগতে কয়।

তেজস্বী যাদৱে লগতে বিহাৰত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপেই দলটোৱে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ জৰিয়তে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও দাবী কৰে।