NORTHEAST NOW (Assamese)
Uncategorized

আমচাং বনাঞ্চল সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2023 4:30 pm

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত অসম বন বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। অহা ৮ সপ্তাহৰ ভিতৰত বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক দাখিল কৰিব লাগিব এই প্ৰতিবেদন।

উল্লেখযোগ্য যে ২০১৩ চনত উচ্চ ন্যায়ালয়ে এই বিষয়টোৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ তৰিছিল, য’ত বন বিভাগক আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সীমাৰ মানচিত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

চৰকাৰী তথ্য অনুসৰি ভাৰতীয় জৰীপে ইতিমধ্যে অসমৰ বনাঞ্চল খনে চাৰিসীমা নিৰ্ধাৰণৰ কাম কৰি আছে।

উল্লেখ্য যে যোৱা মাহত নগাঁও আৰু শোণিতপুৰৰ জিলা প্ৰশাসনে বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক অবৈধ বেদখলৰ পৰা মুক্ত কৰাৰ বাবে এক অভিযান চলাইছিল।

প্ৰায় ১৮৯২ হেক্টৰ মাটি অবৈধ দখলৰ পৰা মুক্ত কৰাৰ বাবে এই বৃহৎ বেদখল বিৰোধী অভিযান চলোৱা বুলি জনাইছে প্ৰশাসনৰ বিষয়া সকলে

শোণিতপুৰ আৰু নগাঁৱৰ জিলা প্ৰশাসনৰ তথ্য অনুসৰি অঞ্চলটোত বেদখলকাৰীয়ে অবৈধভাৱে চৰকাৰী ভূমিৰ বিশাল এলেকা দখল কৰিছে। ইতিমধ্যে প্ৰশাসনে দখলদাৰী লোকসকলক ভূমিসমূহ খালী কৰিবলৈ জাননী জাৰি কৰিছে।

এতিয়া আমচাং বনাঞ্চলৰ সীমা সন্দৰ্ভত বন বিভাগে ন্যায়ালয়ক প্ৰতিবেদন দাখিল কৰাৰ পিছতেই হয়তো আমচাঙৰ বেদলখীকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলাব গুৱাহাটী মহানগৰ প্ৰশাসনে।