NORTHEAST NOW (Assamese)
অসম

লুইতৰ কালৰূপ : মাজুলীত বন্ধ কৰি দিয়া হ’ল ফেৰীসেৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2023 1:50 pm

বৃহস্পতি বাৰে বন্ধ কৰি দিয়া হৈছে যোৰহাট মাজুলী সংযোগী ফেৰীসেৱা। ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ফেৰীসমূহ বন্ধ কৰি দিয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছে।

জল পৰিবহণ বিভাগৰ নিৰ্দেশত মাজুলীৰ অফলামুখ ফেৰী ঘাটৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে।

লাভ কৰা তথ্য অনুসৰি পানীৰ স্তৰ বৃদ্ধিৰ লগে লগে ইতিমধ্যে তিনিটা ফেৰী ৰেম্প ডুব গৈছে। যাৰ বাবে ফেৰী সমূহ বন্ধ কৰি দিছে জল পৰিবহন বিভাগে।

ফেৰী সেৱা স্থগিত ৰখাৰ সন্দৰ্ভত অঞ্চলটোৰ এগৰাকী ফেৰীৰ মালিকে কয় যে নদীৰ জলস্তৰ বৃদ্ধিৰ বাবে সকলো ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। কিমান দিনলৈ সেৱা স্থগিত ৰখা হ’ব সেই সম্পৰ্কে আমি নিশ্চিত নহয়।

জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ফেৰী ৰেম্পসমূহ পানীৰ তলত ডুব গৈছে। নদীৰ পাৰ বৰ সুস্থিৰ নহয় আৰু ভূখণ্ডৰ কিছু অংশ জাহ যোৱাৰ বাবে আমি নতুন ৰেম্প নিৰ্মাণ কৰিব পৰা নাই। সেইবাবেই অদূৰ ভৱিষ্যতে ফেৰী সেৱা বন্ধ হৈ থাকিব।’’ তেওঁ কয়।

আন এগৰাকী ফেৰী মালিকে কয়, “ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ ফলত বেছিভাগ ফেৰী সেৱা বন্ধ হৈ পৰিছে। আমি যাত্ৰীসকলক নদীখন পাৰ কৰাবলৈ বিকল্প উপায়ৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ।”

তেওঁ লগতে কয় “আমি পানীৰ স্তৰৰ বুজ ল’ব লাগিব। যদি সম্ভৱ হয়, তেন্তে আমি প্ৰথমে ৰেম্প নিৰ্মাণ কৰিম যাতে ফেৰী ৰখাব পৰা যায়। সেইটোৱে যাত্ৰীসকলক নিশ্চিন্ত কৰি তুলিব। আমি পানীৰ স্তৰ অনুসৰি কাম কৰিব লাগিব। যদি পানীৰ স্তৰ কমি যায় আৰু পুৰণি ঘাটত ৰেম্প লগোৱা সম্ভৱ হয়, তেন্তে আমি তালৈ স্থানান্তৰিত হোৱাৰ ব্যৱস্থা কৰিম।’