NORTHEAST NOW (Assamese)
দেশ

মালিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষ : প্ৰমাণৰ অভাৱ! ৩৬ বছৰীয়া বিচাৰৰ অন্তত ৪০ অভিযুক্তক দোষমুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2023 9:33 pm

উত্তৰ প্ৰদেশৰ মীৰাটৰ এখন আদালতে প্ৰমাণৰ অভাৱত ৩৬ বছৰ পুৰণি মালিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰত অগ্নিসংযোগ, হত্যা আৰু দাঙ্গাৰ অভিযোগত অভিযুক্ত ৪০ জন লোকক দোষমুক্ত কৰিছে। নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি ভুক্তভোগী পৰিয়ালৰ সদস্যসকলে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ১৯৮৭ চনৰ ১৪ এপ্ৰিলত শ্বাববাৰাত সাম্প্ৰদায়িক হিংসা সংঘটিত হৈছিল। সেই সাম্প্ৰদায়িক সংঘৰ্ষত ১২ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পাছতে ১৯৮৭ চনৰ ২২ মে’ত হাছিমপুৰাত আৰু ১৯৮৭ চনৰ ২৩ মে’ত মালিয়ানাতো দাঙ্গাৰ সূত্ৰপাত হৈছিল।

মালিয়ানাৰ এই হিংসাত্মক ঘটনাত ৬৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাছিমপুৰাত ৪২ জন লোকে প্ৰাণ হেৰুৱাইছিল।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, মালিয়ানা গোচৰৰ দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাছত শনিবাৰে অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ ন্যায়াধীশ লখৱিন্দৰ ছুদে ৪০ জন অভিযুক্তক দোষমুক্ত কৰে।

অভিযুক্তসকলৰ অধিবক্তা চি এল বংছালে কয় যে প্ৰমাণৰ অভাৱত আদালতে তেওঁলোকক দোষমুক্ত কৰিলে।

স্মৰ্তব্য যে মালিয়ানা গোচৰৰ শুনানিৰ বাবে ৮০০ ৰো অধিক তাৰিখ লোৱা হৈছিল। বিচাৰত ৭৪ জন সাক্ষী আছিল, ইয়াৰে মাত্ৰ ২৫ জনহে সাক্ষীহে সাক্ষ্য প্ৰদান কৰে।

অতিৰিক্ত জিলা চৰকাৰী অধিবক্তা শচীন মোহনে সাংবাদিকৰ আগত কয় যে, “১৯৮৭ চনৰ ২৪ মে’ত ৯৩ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। নাম প্ৰকাশ কৰা আৰু নাম প্ৰকাশ নকৰা ইয়াৰে ৪০ জন অভিুক্তৰ মৃত্যু হৈছিল আৰু আন অভিযুক্তৰ সন্ধান উলিয়াব পৰা হোৱা নাছিল।” ১৯৮৭ চনৰ ২৩ মে’ত মীৰাটৰ মালিয়ানা হোলী চ’কত সংঘটিত এই ঘটনাৰ বিৰুদ্ধে সেই বছৰৰ ২৪ মে’ত স্থানীয় লোক ইয়াকুব আলী নামৰ লোকজনে ৯৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

অধিবক্তা মোহনৰ মতে, এই ঘটনাত প্ৰায় ৬৩ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছিল।

প্ৰকাশ পোৱা মতে, আলীয়ে অভিযুক্তই অগ্নিসংযোগত লিপ্ত হোৱাৰ লগতে মানুহৰ ওপৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মোহনে কয় যে মালিয়ানা গোচৰত বাদীকে ধৰি ১০ জন সাক্ষীয়ে আদালতত সাক্ষ্য প্ৰদান কৰিছিল যদিও বিচাৰ বিভাগে পৰ্যাপ্ত প্ৰমাণৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰাকৈ প্ৰমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাছিল।

ৰায়দানৰ পিছত মালিয়ানা হিংসাৰ বলি হোৱা এজনৰ পৰিয়ালৰ সদস্য মেহতাবে (৪০) সাংবাদিকৰ আগত কয় যে দাঙ্গাৰ সময়ত তেওঁৰ পিতৃ আশ্ৰফক গুলীয়াই হত্যা কৰা হৈছিল।

মেহতাবে কয়, “সেই সময়ত মই বহুত সৰু আছিলোঁ। কোনো কাৰণ নোহোৱাকৈয়ে তেওঁক হত্যা কৰা হৈছিল। আদালতৰ এই সিদ্ধান্ত ন্যায়সংগত নহয় আৰু তেওঁ আন পৰিয়ালৰ (ভুক্তভোগীৰ) সৈতে কথা পতাৰ পিছত অতি সোনকালে উচ্চ ন্যায়ালয়ত আবেদন কৰিব।”