অৰুণাচলত উৎখাত শিশু সৰবৰাহ চক্ৰ: উদ্ধাৰ অসমৰ ১০ অপহৃত শিশু

শিশু সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰিজে তিনিচুকীয়া আৰক্ষীয়ে। চুবুৰীয়া অৰুণাচল প্ৰদেশত এক শিশু সৰবৰাহ চক্ৰ উৎখাত কৰি মঙলবাৰে তিনিচুকীয়া আৰক্ষীয়ে শিশু সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসমৰ পৰা সৰবৰাহ কৰা ১০ টি শিশুক।
ডুমডুমা আৰক্ষীৰ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিচুকীয়া আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা শিশুকেইটিক উদ্ধাৰ কৰে। শিশু সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এগৰাকী ব্যক্তিকো সোধপোচৰ বাবে আটক কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত বৰ্ষৰ জুলাই মাহত অসম আৰক্ষীয়ে পশ্চিমবংগত আন্তঃৰাজ্যিক শিশু সৰবৰাহৰ ৰেকেটৰ পৰা চাৰিগৰাকী মহিলাকে ধৰি প্ৰায় ৪৮ টি শিশুক উদ্ধাৰ কৰিছিল।
প্ৰকাশিত খবৰ অনুসৰি অসমৰ পৰা পশ্চিমবংগলৈ সৰবৰাহ কৰা শিশুকেইটাক শিশু শ্ৰমিক ৰূপে কাম কৰিবলৈ বাধ্য কৰা হৈছিল।