NORTHEAST NOW (Assamese)
দেশ

মনীষ চিছ’দিয়াৰ জামিন সন্দৰ্ভত চিবিআইলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2023 9:07 pm
Sisodia

আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ জামিন আবেদন সন্দৰ্ভত চিবিআইক সঁহাৰি জনাবলৈ নিৰ্দেশ দি আজি দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোলৈ জাননী জাৰি কৰিছে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীৰ জামিন আবেদন সন্দৰ্ভত জাননী জাৰি কৰি কেন্দ্ৰীয় তদন্ত সংস্থাটোক সঁহাৰি দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, যোৱা ৩১ মাৰ্চত বিচাৰ আদালতে চিছ’ডিয়াৰ জামিন আবেদন খাৰিজ কৰিছিল। আদালতে চিছ’দিয়াক প্ৰাথমিক দৃষ্টিত এই গোচৰৰ দোষী বুলিব পাৰি বুলি উল্লেখ কৰিছিল।

লগতে প্ৰাথমিক তথ্য প্ৰমাণৰ ভিত্তিত আবকাৰী নীতিৰ ধন সৰবৰাহৰ গোচৰত চিছ’দিয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি উল্লেখ কৰি আদালতে চিছ’দিয়াৰ জামিন আবেদন খাৰিজ কৰিছিল।

আজি উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ জামিন সন্দৰ্ভত চিবিআইৰ সঁহাৰি বিচাৰি জাননী জাৰি কৰাৰ পিছত গোচৰৰ পৰৱৰ্তী শুনানি ২০ এপ্ৰিলত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।