NORTHEAST NOW (Assamese)
Popular Stories

আনলৈ বুলি হুল পুতি নিজে মৰে ফুটি! আমেৰিকা-নাটোৰ গোপন পৰিকল্পনা ফাদিল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 7, 2023 3:20 pm

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক কেন্দ্ৰ কৰি আমেৰিকা আৰু নাটোৰ কেইবাটাও গোপন নথি ফাদিল হৈছে। ইউক্ৰেইনৰ সৈন্যই ৰাছিয়াৰ বাহিনীৰ বিৰুদ্ধে কেনেকৈ প্ৰতিৰোধ আক্ৰমণ কৰিব সেই সম্পৰ্কে আমেৰিকা আৰু নাটোৱে এই পৰিকল্পনা প্ৰস্তুত কৰিছিল।

নিউয়ৰ্ক টাইমছৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। টেলিগ্ৰাম-টুইটাৰকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে ফাদিল হোৱা গোপন নথি।

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে এই নিৰাপত্তা ভংগৰ তথ্য সংগ্ৰহ কৰি থকা বুলি জানিবলৈ দিয়ে।

পেন্টাগনৰ উপ-প্ৰেছ সচিব ছাব্ৰিনা সিঙে কয় যে আমি ছ’চিয়েল মিডিয়া পোষ্টৰ বিষয়ে অৱগত, আৰু পেন্টাগনে এই বিষয়টোৰ ওপৰত চকু ৰাখিছে।

নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি টেলিগ্ৰাম-টুইটাৰত ফাদিল হোৱা এই নথিসমূহত ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণৰ সবিশেষ, বেটেলিয়নৰ শক্তি আৰু অন্যান্য স্পৰ্শকাতৰ তথ্য সন্নিবিষ্ট হৈছে। ফাদিল হোৱা তথ্য কমেও ৫ সপ্তাহ পুৰণি। ইয়াৰে শেহতীয়া তথ্য ১ মাৰ্চ তাৰিখৰ।

এটা নথিত ইউক্ৰেইনৰ ১২টা কম্বেট ব্ৰিগেডৰ প্ৰশিক্ষণৰ সময়সূচী সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও ৯ টা ব্ৰিগেডক আমেৰিকান আৰু নাটো বাহিনীয়ে প্ৰশিক্ষণ দিছে বুলি কোৱা হয়। ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আক্ৰমণত ২৫০খন টেংক আৰু ৩৫০খন বাহনৰ প্ৰয়োজনীয়তাৰ কথাও নথিখনত ​​উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰিও আন এখন নথিত ইউক্ৰেইনৰ সেনাই ব্যৱহাৰ কৰা গোলাবাৰুদৰ পৰিমাণ সন্নিবিষ্ট কৰা হৈছে। য’ত আমেৰিকাই পঠোৱা হিমাৰ্ছ ৰকেট চিষ্টেমৰ কথাও উল্লেখ আছে। আমেৰিকাই প্ৰেৰণ কৰা ইমাৰ্ছ ৰকেটে ৰাছিয়াৰ বাহিনীক প্ৰতিহত কৰাত অতি ফলপ্ৰসূ ভূমিকা পালন কৰিছে।

ইফালে গোপন নথি-পত্ৰ ফাদিল হোৱাৰ পিছতে একাংশ সামৰিক বিশেষজ্ঞই সকীয়াই দিছে যে ৰাছিয়াই এই নথি-পত্ৰ ব্যৱহাৰ কৰি ভুৱা তথ্য বিয়পাই দিব।