NORTHEAST NOW (Assamese)
দেশ

ৰাহুলৰ ‘মোডী উপাধি’ গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰবিন পল মোগেৰাৰ কি সম্পৰ্ক আছে অমিত শ্বাহৰ লগত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2023 1:01 pm

দ্য ৱায়াৰৰ এক বাতৰি অনুসৰি ৰাহুল গান্ধীৰ ‘মোডী উপাধি’ শীৰ্ষক মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰবিন পল মোগেৰাৰ এক বিশেষ সম্পৰ্ক আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত। সেই ইতিহাস খুচৰি উলিয়ালে দ্যা ৱায়াৰে।

এসময়ত এটা গোচৰত অমিত শ্বাহৰ অধিবক্তা আছিল ন্যায়াধীশগৰাকী। ন্যায়াধীশ ৰবিন পল মোগেৰা ২০০৬ চনৰ তুলসীৰাম প্ৰজাপতিৰ ভুৱা এনকাউণ্টাৰ গোচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধিবক্তা আছিল।

২০১৯ চনৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা আৰু দুবছৰৰ কাৰাদণ্ডৰ বিৰুদ্ধে ইতিমধ্যে ন্যায়ালয়ত আপীল দাখিল কৰিছে ৰাহুল গান্ধীয়ে। বাৰ এণ্ড বেঞ্চৰ মতে, বৃহস্পতিবাৰে ন্যায়াধীশ মোগেৰাই গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ আবেদন শুনানি গ্ৰহণ কৰে

ছুৰাটৰ সূত্ৰৰ জানিব পৰা গৈছে যে ২০১৮ চনৰ জানুৱাৰী মাহত ন্যায়াধীশৰ দায়িত্ব লৈ মোগেৰাই ২০০৬ চনৰ ৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰা ভুৱা এনকাউণ্টাৰ গোচৰটোত শ্বাহৰ পক্ষ লৈছিল। তেতিয়া শ্বাহ আছিল গুজৰাটৰ গৃহমন্ত্ৰী। ন্যায়াধীশ মোগেৰাই ২০১৪ চনলৈকে অমিত শ্বাহৰ অধিবক্তা হিচাপে গোচৰটোৰ দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ পূর্বে হিন্দী দৈনিক কাকত জনসত্তাতো প্রকাশ পাইছিল যে ২০১৪ চনত এই ভুৱা এনকাউণ্টাৰ গোচৰত চিবিআই আদালতত শ্বাহক প্ৰতিনিধিত্ব কৰিছিল অধিবক্তা মোগেৰাই।

২০১৪ চনত দ্য হিন্দুৱে প্ৰকাশ কৰা এটা বাতৰিৰ মতে, চিবিআই আদালতে শ্বাহৰ অধিবক্তা মোগেৰাক তেওঁৰ আবেদনত কাৰণ নিৰ্ধাৰণ নকৰাৰ বাবে মাতি আনিছিল, য’ত তেওঁ অনুৰোধ কৰিছিল যে শ্বাহক আদালতৰ শুনানিত শাৰীৰিকভাৱে উপস্থিত থকাৰ পৰা ৰেহাই দিয়া উচিত। বিজেপি নেতাগৰাকীক শুনানিৰ পৰা ৰেহাই দিয়াৰ বাবে তেওঁৰ বহু অনুৰোধৰ ভিতৰত এয়া আছিল অন্যতম।

সোহৰাবুদ্দিনকৌৰবুদ্দিনতুলচিৰাম প্ৰজাপতি হত্যাকাণ্ডৰ গোচৰত চিবিআইয়ে দাখিল কৰা প্ৰাৰম্ভিক অভিযোগনামাত অমিত শ্বাহ আৰু ৰাজস্থানৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী গুলাবচান্দ কাটাৰিয়া, গুজৰাট, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ কেইবাজনো আই পি এছ বিষয়া আৰু নিম্নস্তৰৰ বিষয়াকে ধৰি ৩৭জন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছিল যদিও পিছত সকলো ৰাজনৈতিক নেতাৰ নাম আৰু জ্যেষ্ঠ আই পি এছ বিষয়াক গোচৰৰ পৰা বাদ দিয়া হয়, আৰু কেৱল নিম্ন পদবীৰ আৰক্ষীৰ বিৰুদ্ধেহে বিচাৰ চলোৱা হয়।