NORTHEAST NOW (Assamese)
দেশ

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰাজনীতিবিদ আতিক আহমেদৰ পুত্ৰ আছাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2023 4:49 pm

ঝান্সীত উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ এনকাউণ্টাৰত মৃত্যু হৈছে ৰাজনীতিবিদ আতিক আহমেদৰ পুত্ৰ আছাদ।

উল্লেখ্য যে অধিবক্তা উমেশ পালৰ হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত আছিল আছাদ। আৰক্ষীয়ে বিচাৰি থকাৰ সময়তে নিজকে গেংষ্টাৰ ৰূপে গঢ়ি তুলিছিল আছাদে।

গোচৰ সন্দৰ্ভত আছাদ আৰু আন এজন অভিযুক্ত গুলামক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত বিচাৰি থকা হৈছিল। তেওঁলোকক ধৰি দিয়াৰ বাবদ আৰক্ষীয়ে ৫ লাখ টকাকৈ পুৰস্কাৰো ঘোষণা কৰিছিল।

অৱশেষত পুলিচৰ অভিযানত এনকাউণ্টাৰত মৃত্যু হয় আছাদৰ। আৰক্ষীয়ে আছাদৰ পৰা এটা ব্ৰিটিছ বুলডগ ৰিভলভাৰ, ৪৫৫ ব’ৰ আৰু ৱালথাৰ পি ৮৮, .৬৩ ব’ৰ পিষ্টল উদ্ধাৰ কৰে।

এনকাউণ্টাৰত আছাদক হত্যা কৰা ঘটনা সন্দৰ্ভত আতিক আহমেদ আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজৰ আদালতত হাজিৰ কৰা হৈছিল।

স্মৰ্তব্য যে ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ সাংসদ ৰাজু পালৰ হত্যাকাণ্ডৰ সাক্ষী আছিল উমেশ পাল। সাক্ষী নোহোৱা কৰাৰ উদ্দেশ্যে ২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত উমেশ পাল আৰু তেওঁৰ দুই নিৰাপত্তাৰক্ষীক গুলীয়াই হত্যা কৰা হৈছিল।