NORTHEAST NOW (Assamese)
দেশ

কেজৰিৱালৰ যাদু শেষ! দিল্লীৰ ৪৬ লাখ পৰিয়ালৰ বিদ্যুৎ ৰাজসাহায্য অন্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 14, 2023 3:42 pm

শুকুৰবাৰে দিল্লীবাসীৰ বাবে আহিল এটা দুঃখবৰ। আজিৰে পৰা দেশৰ ৰাজধানী দিল্লীত বিদ্যুতৰ ৰাজসাহায্যৰ অন্ত পৰিব। অৰবিন্দ কেজৰিৱাল চৰকাৰৰ শক্তি মন্ত্ৰী আতিশীয়ে কয় যে আজিৰে পৰা দিল্লীৰ ৪৬ লাখ পৰিয়ালৰ বিদ্যুৎ ৰাজসাহায্যৰ অন্ত পৰিব।

দিল্লীৰ উপ ৰাজ্যপালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি দিল্লীৰ মন্ত্ৰীগৰাকীয়ে কয় যে কেবিনেটৰ বিদ্যুৎ ৰাজসাহায্য বৃদ্ধিৰ সিদ্ধান্তত লেফটেনেণ্ট গৱৰ্ণৰে এতিয়াও সন্মতি প্ৰকাশ কৰা নাই। যাৰ ফলত আজিৰে পৰা দিল্লীবাসীয়ে বিদ্যুতৰ ৰাজসাহায্যৰ পৰা বঞ্চিত হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে দিল্লীৰ প্ৰায় ৪৮ লাখ পৰিয়ালে বিদ্যুতৰ ৰাজসাহায্যৰ বাবে আবেদন কৰিছে।

উপভোক্তাক ৰাজসাহায্য দিয়াৰ ফাইলত উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই এতিয়াও অনুমোদন নিদিয়াৰ বাবে শুকুৰবাৰৰ পৰা দিল্লী মহানগৰীৰ প্ৰায় ৪৬ লাখ লোকৰ বিদ্যুৎ ৰাজসাহায্যৰ অন্ত পৰাতো এতিয়া প্ৰায় নিশ্চিত হৈছে।

দিল্লীৰ উপ ৰাজ্যপালে অনুমোদন নজনোৱাৰ ফলত এতিয়া দিল্লী চৰকাৰ আৰু এল জিৰ মাজত এতিয়া এই বিষয়টোকলৈ বিবাদ আৰম্ভ হ’ব ধাৰণা কৰা হৈছে। বিষয়টোৰ সন্দৰ্ভত এল জি ছাক্সেনাৰ সৈতে দিল্লী চৰকাৰে বৈঠক বিচাৰিছে যদিও এতিয়ালৈকে এল জিৰ কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে কয়।

 

মন্ত্ৰী আতিশীয়ে কয়, “আমি ৪৬ লাখ লোকক যি বিদ্যুতৰ ৰাজসাহায্য দিওঁ, সেয়া আজিৰে পৰা বন্ধ হ’ব। সোমবাৰৰ পৰা মানুহে ৰাজসাহায্য অবিহনে বৰ্ধিত বিল পাব।”

মন্ত্ৰীগৰাকীয়ে লগতে আৰু কয়, “২০২৩-২৪ বৰ্ষৰ বাবে বিদ্যুৎ ৰাজসাহায্য বৃদ্ধিৰ বাবে দিল্লী কেবিনেটে অনুমোদন জনাইছে, কিন্তু ফাইল এতিয়াও এল জিৰ কাৰ্যালয়ত বিচাৰাধীন হৈ আছে। ফাইলটো অনুমোদন নোহোৱালৈকে আমি ৰাজসাহায্য দিব নোৱাৰো। বিষয়টো আলোচনা কৰিবলৈ এল জি অফিচৰ পৰাও সময় বিচাৰিছিলোঁ যদিও ২৪ ঘণ্টাৰো অধিক হ’ল আৰু মোক সময় দিয়া হোৱা নাই। ফাইলটোও এতিয়াও ঘূৰি অহা নাই।”