NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰৰ মোৰে’ত এগৰাকী মহিলাসহ চাৰিজন ৰহিঙীয়া অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ May 2, 2018 2:34 pm
four-rohingya-570x320

মণিপুৰ আৰক্ষীৰ এটা দলে ৰাজ্যখনৰ মোৰে’ জিলাৰ পৰা এগৰাকী মহিলাকে ধৰি চাৰিগৰাকী ৰহিঙীয়া অনুপ্ৰৱেশকাৰীক আটক কৰিছে।

ঘটনাৰ বিৱৰণি মতে, মঙলবাৰে আৱেলি প্ৰায় ৪ বজাত টেংনৌপলৰ আৰক্ষী অধীক্ষক ড০ এছ ইবোমোচা সিঙৰ তত্বাৱধানত মোৰে’ৰ  উপ আৰক্ষী অধীক্ষক থমাছ থকচোমৰ নেতৃত্বত চি ডিঅ’ মোৰে’ৰ এটা দলে মোৰে’ৰ ২নং গেটৰ কাষৰ এখন হোটেলত এটা তালাচী অভিযান চলাই চাৰিগৰাকী ৰহিঙীয়া অনুপ্ৰৱেশকাৰীক আটক কৰে।

আটকাধীন ৰহিঙীয়া অনুপ্ৰৱেশকাৰীকেইজনক ম্যানমাৰৰ য়াখাইৰ জোবেৰ, বয়স ২১ বছৰ, পিতৃ ৱাৰহুছেইন, ম্যানমাৰৰ য়াখাইৰ পৰা অহা  ১৯ বছৰীয়া কামাল হুছেইন, পিতা আবু তাহেৰ, আৰু ম্যানমাৰৰ য়াখাইৰ নিবাসী  ১৯ বছৰীয়া মুন্নী বিবি, পিতৃ মহম্মদ বুলি জানিব পৰা গৈছে।

এই ৰহিঙীয়া অনুপ্ৰৱেশকাৰীসকলক ইম্ফল ইষ্টৰ লিলং উৰুপ আৰাপ্‌তি লেইকাইৰ বাসিন্দা তাখেলামবাম ছুবোল সিং নামৰ ২৯বছৰীয়া লোকজনে সৰবৰাহ কৰি আনিছিল।

অনুপ্ৰৱেশকাৰীকেইজনৰ সৈতে সৰবৰাহকাৰী সিঙকো আটক কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা ৪ ৰহিঙীয়াৰ সৈতে সৰবৰাহকাৰীজনকো মোৰে’ আৰক্ষীৰ হাতত গটাই দিয়া হৈছে।

গ্ৰেপ্তাৰ কৰা লোকসকলক আৰক্ষীয়ে ইতিমধ্যে উপৰ্যুপৰি জেৰা আৰম্ভ কৰিছে।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি মোৰে’ আৰক্ষীয়ে ঘটনাৰ এটা অনুসন্ধান আৰম্ভ কৰিছে।