NORTHEAST NOW (Assamese)
অসম

শক্তি বাঢ়িল কংগ্ৰেছৰ! টিকট নিদিলে বিজেপিয়ে; কংগ্ৰেছত যোগদান কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 17, 2023 1:53 pm

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলে টিকট প্ৰদান কৰা নাছিল। কৰ্ণাটকৰ ৬ বাৰৰ বিধায়কগৰাকীয়ে ক্ষোভ আৰু অভিমানেৰে দল সলনি কৰিলে। জগদীশ চেট্টাৰ ৰাজ্যখনৰ লিংগায়তৰ অন্যতম ডাঙৰ নেতা। লগতে তেওঁ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

সূত্ৰ সমূহৰ মতে, গেৰুৱা শিবিৰে জনায় যে বয়সৰ বাবে তেওঁক প্ৰাৰ্থিত্বৰ বাবে মনোনীত কৰা হোৱা নাছিল।

লগতে পঢ়ক: প্ৰখৰ ৰ’দত তম্বুহীন চৰকাৰী অনুষ্ঠান; মহাৰাষ্ট্ৰত গৰমত ১১জনৰ মৃত্যু, ১২০ জন অসুস্থ

প্ৰাৰ্থিত্বৰ বাবে টিকট নোপোৱাত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। সোমবাৰে পুৱা দল সলনি কৰি তেওঁ কংগ্ৰেছ শিবিৰত যোগদান কৰে।

দেওবাৰে নিশাই তেওঁ কৰ্ণাটকৰ পৰা বাংগালুৰুলৈ আহিছিল। কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ হাত ধৰি আজি তেওঁ কংগ্ৰেছত যোগদান কৰে।

লগতে পঢ়ক: একেৰাহে ৯ ঘণ্টাৰ মাৰাথন জেৰা; কেজৰিৱালক ৫৬টা প্ৰশ্ন চিবিআইৰ

চেট্টাৰৰ যোগদান কৰাৰ পিছত খাৰ্গেই কয় যে তেওঁৰ যোগদানে কংগ্ৰেছক এই যুঁজত অধিক উৎসাহ যোগাব। আনহাতে, ছেট্টাৰে দলৰ নীতি-আদৰ্শ মানি লৈ কংগ্ৰেছত যোগদান কৰিছে বুলি মন্তব্য কৰে।