NORTHEAST NOW (Assamese)
দেশ

নিৰাপত্তাৰ সংশয়! গেংষ্টাৰ আতিক আহমেদৰ তিনি হত্যাকাৰীক প্ৰতাপগড় কাৰাগাৰলৈ স্থানান্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2023 8:10 pm
Atiq Ahmed murder

গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃক গুলীয়াই হত্যা কৰাৰ অভিযোগ অভিযুক্ত লাভলেশ তিৱাৰী, ছানী সিং আৰু অৰুণ মৌৰ্যক আজি নাইনী (প্ৰয়াগৰাজ) কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰতাপগড় জিলা কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

দেওবাৰে জিলা আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল তিনিওগৰাকী অভিযুক্তক। তিনিওগৰাকীকে নাইনী (প্ৰয়াগৰাজ) কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল যদিও নিৰাপত্তাজনিত কাৰণত আজি প্ৰতাপগড় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উচ্চ নিৰাপত্তাসম্পন্ন নাইনী কাৰাগাৰৰ ভিতৰত তিনিওগৰাকী গুলীচালনাকাৰীক আক্ৰমণৰ ভাবুকি দিয়া দিয়াৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সেয়েহে আজি বিয়লি তেওঁলোকক প্ৰতাপগড়লৈ স্থানান্তৰ কৰা হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে।

তিনিওগৰাকীকে প্ৰতাপগড় কাৰাগাৰত আন কয়দীৰ পৰা পৃথকে ৰখা হ’ব আৰু কাৰাগাৰ কৰ্তৃপক্ষই তেওঁলোকৰ বিশেষ নিৰীক্ষণ কৰিব বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিছে।

উল্লেখ্য যে, যোৱা শনিবাৰে গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক চিকিৎসা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়া অৱস্থাতে সাংবাদিকৰ ছদ্মবেশত অহা লাভলেশ তিৱাৰী, ছানী সিং, আৰু অৰুণ মৌৰ্যই আৰক্ষীৰ উপস্থিতিতে গুলীয়াই হত্যা কৰিছিল।

ইতিমধ্যে তিনিও অভিযুক্ত লাভলেশ তিৱাৰী, ছানী সিং, আৰু অৰুণ মৌৰ্যই অপৰাধৰ জগতখনত বিখ্যাত হোৱাৰ উদ্দেশ্যেই গেংষ্টাৰ আতিক আহমেদক হত্যা কৰিব বিচাৰিছিল বুলি স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।