NORTHEAST NOW (Assamese)
জীৱনশৈলী

মানসিক অশান্তি বা হতাশা আছে নেকি? এইকেইটা অভ্যাসে দূৰ কৰিব আপোনাৰ হতাশা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2023 8:20 pm

সুস্থ জীৱন এটা পাবলৈ হ’লে সুস্থ শৰীৰৰ লগতে সুস্থ মনৰো প্ৰয়োজন। মানসিকভাৱে সুস্থ নহ’লে শৰীৰতো ক্ষতি হ’ব। আজিৰ যুগত সকলোৱে ডিপ্ৰেছনশব্দটোৰ সৈতে পৰিচিত। ব্যক্তিগত আৰু পেছাগত জীৱনৰ সৃষ্টি হোৱা বিভিন্ন সমস্যাৰ বাবে বহু লোক হতাশাত ভুগিছে। হতাশাই মানুহক ক্ৰমান্বয়ে অক্ষম কৰি তুলিছে।

যদি কোনোবাই দীৰ্ঘদিন ধৰি হতাশাত ভুগি থাকে তেন্তে পিছলৈ ই এটা ডাঙৰ ৰোগলৈ পৰিণত হ’ব পাৰে। সেই চাপে তেতিয়া মগজুৰ ক্ষতি কৰে। ই সুস্থ চিন্তাৰ বিকাশত বাধাৰ সৃষ্টি কৰে। গতিকে আৰম্ভণিতে মানসিক চাপ নাইকীয়া কৰিব লাগে।

ৰাতিপুৱাৰ কিছুমান স্বাস্থ্যসন্মত অভ্যাসে হতাশাৰ দৰে মানসিক সমস্যা দূৰ কৰিব পাৰে। ডিপ্ৰেছন বা মানসিক হতাশাক পৰাস্ত কৰাৰ কিছুমান সহজ উপায় জানি লও আহক

সূৰ্যৰ পোহৰত থিয় হওক

সূৰ্যৰ পোহৰে আমাৰ শৰীৰত আনন্দদায়ক হৰম’নৰ উৎপাদন বৃদ্ধি কৰে। ফলত মানসিক স্বাস্থ্যৰ উন্নতি ঘটে। এই পদ্ধতিয়ে হতাশাত আক্ৰান্তসকলৰ বাবে অতিশয় কাম কৰে। মেলাটনিনে শৰীৰৰ টোপনিৰ চক্ৰ নিয়ন্ত্ৰণ কৰে। মেলাটনিন হৰম’ন আন্ধাৰত নিঃসৰণ হয়। সূৰ্যাস্তৰ পিছত আন্ধাৰ হোৱাৰ লগে লগে মগজুত মেলাটনিন হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। আকৌ দিনত সূৰ্যৰ পোহৰত পৰিলে মেলাটনিন নিঃসৰণ কমি যায়। ফলত টোপনি কমি যায়। গতিকে, কিছু সময় ৰ’দত থাকিলে মেলাটনিনৰ মাত্ৰা হ্ৰাস পায়। সেয়ে ৰ’দত সময় কটালে মন মেজাজ ভালে থাকে।

নিৰ্দিষ্ট সময়ত শুই উঠা

প্ৰতিদিনে নিৰ্দিষ্ট সময়ত সাৰ পাবলৈ চেষ্টা কৰক। নিৰ্দিষ্ট সময়ত সাৰ পালে শৰীৰৰ জৈৱিক ঘড়ীটো সঠিকভাৱে চলিব আৰু টোপনি ভাল হ’ব। মানসিক সমস্যাৰ নিৰ্মূলৰ বাবে নিৰ্দিষ্ট সময়ত সাৰ পোৱাটো খুবেই জৰুৰী।

উশাহনিশাহৰ ব্যায়াম

প্ৰতিদিনে পুৱা কেইমিনিটমানকৈ উশাহনিশাহৰ ব্যায়াম কৰিলে গোটেই দিনটো মনটোক কেন্দ্ৰীভূত কৰি ৰাখিব পাৰি, ইয়াৰ ফলত উদ্বেগ আৰু মানসিক চাপ হ্ৰাস পায়।