NORTHEAST NOW (Assamese)
অসম

বিজেপিত যোগদান কৰিলে শতাধিক প্ৰাক্তন NDFB ৰ কেডাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 19, 2023 7:29 am

মঙলবাৰে নবীন চন্দ্ৰ বড়োৰ নেতৃতাধীন নেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এন ডি এফ বিৰ শতাধিক আতমসমৰ্পণকাৰী কেডাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

জানিব পৰা মতে প্ৰায় ১১০ জন প্ৰাক্তন বিদ্ৰোহীয়ে দলটোত যোগদান কৰিছে।

কাৰ্বি আংলং জিলাৰ ডিফুস্থিত বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান অনুষ্ঠানত উপস্থিত থাকে লোকসভাৰ সাংসদ হৰেনছিং বে আৰু ডিফুৰ বিধায়ক বিদ্যাইছং এংলেঙকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰাক্তন বিদ্ৰোহীসকলক বিজেপিলৈ আদৰণি জনাই তেওঁলোকৰ যোগদানে পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত দলটোৰ দখল শক্তিশালী কৰিব বুলি আস্থা প্ৰকাশ কৰে।

লগতে ৰংহাঙে কয় যে প্ৰাক্তন উগ্ৰপন্থীয়ে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ৰাজ্যখনৰ শান্তি আৰু উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।

২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ পূৰ্বেই প্ৰাক্তন সংগ্ৰামী সকলে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এই যোগদানে কাৰ্বি আংলং জিলাত বিজেপিৰ ভেঁটি শক্তিশালী কৰাৰ লগতে উগ্ৰপন্থীসকলক পুনৰ মূলসুঁতিলৈ(?) আনি অঞ্চলটোত স্থায়ী শান্তিৰ পথ প্ৰশস্ত কৰাৰ বাট মুকলি কৰিব।