NORTHEAST NOW (Assamese)
অসম

কৰ্ণাটক নিৰ্বাচনত নিয়োজিত নাগালেণ্ড আৰক্ষীৰ জোৱানৰ দৈনিক ভাট্টা বৃদ্ধি

Posted by: এন ই নাও নিউজ May 2, 2018 6:58 pm
Nagaland female police

কৰ্ণাটকত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত নাগালেণ্ড আৰক্ষী ( Nagaland Police )ৰ লোকসকলৰ ভ্ৰমণ বানচ/ দৈনিক ভাত্তা ১৭৫ আৰু ২০০ টকাৰ পৰা ১৫০০ আৰু ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে। নাগালেণ্ডৰ গৃহ সচিব অভিষেক সিঙে আজি ২ মে’ত এই কথা ঘোষণা কৰিছে।

সিঙে আজি জাৰি কৰা বিবৃতিত কোৱা হৈছে যে দৰমহাৰ ৭ম সংশোধনৰ আধাৰতে এই বৃদ্ধি কৰা হৈছে।

নিৰ্বাচনৰ দায়িত্বত থকা আৰক্ষীৰ লোকসকলৰ মজুৰিক লৈ চ’শ্যেল মীডিয়াত ‘বহু সংশয়’ চলি থকাৰ পিছত সচিবজনে এই বিবৃতি জাৰি কৰে।

অনুমোদিত হাৰ অনুসৰি আৰক্ষী মুখ্য কাৰ্য্যালয়লৈ চৰকাৰে ধন মুকলি কৰি দিছে বুলি উল্লেখ কৰি বিবৃতিটোত লগতে কোৱা হৈছে তেওঁলোকে পাব লগা মতেই আৰক্ষীসকলক ধন দিয়া হ’ব আশা কৰা হৈছে।

গৃহ সচিবজনে কয় ‘দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনৰ দায়িত্ব পালন কৰি থকা আমাৰ জোৱানসকলক লৈ আমি গৌৰৱান্বিত।’