NORTHEAST NOW (Assamese)
উত্তৰ-পূব

বিজেপিত বিপৰ্যয় : ধন নাই, আকৌ পদবীৰ পৰা পদত্যাগ কৰিলে বিজেপিৰ বিধায়কে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 21, 2023 9:49 am

বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ মণিপুৰৰ বিধায়ক পি ব্ৰজেন সিঙে পদত্যাগ পত্ৰ প্ৰদান কৰে।

ৱাংজিং টেন্থা বিধানসভা সমষ্টিৰ বিধায়ক ব্ৰজেন সিঙে মণিপুৰ ডেভেলপমেণ্ট ছ’চাইটিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ দাখিল কৰি মণিপুৰত বীৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে বিপদৰ ইংগিত দিয়ে।

এসপ্তাহৰ ভিতৰতে প্ৰশাসনিক পদ এৰি দিয়া তেওঁ তৃতীয়জন বিধায়ক।

ইফালে ব্ৰজেন সিঙে পদত্যাগৰ কাৰণ হিচাপে ‘ব্যক্তিগত ভিত্তি’ৰ কথা উল্লেখ কৰিছে।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক দাখিল কৰা পদত্যাগ পত্ৰত সিঙে কয় যে, “মই কিছু ব্যক্তিগত কাৰণত মণিপুৰ ডেভেলপমেণ্ট ছ’চাইটিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ পত্ৰ আগবঢ়াইছোঁ।’’

ইয়াৰ পূৰ্বে বিজেপিৰ বিধায়ক থকচোম ৰাধেশম আৰু কৰম শ্যামে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু মণিপুৰ ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা ক্ৰমে ১৭ এপ্ৰিল আৰু ১৩ এপ্ৰিলত পদত্যাগ কৰিছিল। দুয়োজনে বীৰেন সিং নেতৃত্বাধীন প্ৰথমখন চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তিনিওজন বিধায়কে নিজৰ পদত কাম কৰিবলৈ উপযুক্ত দায়িত্ব, ধন আৰু কৰ্তৃত্ব দিয়া হোৱা নাই বুলি দাবী কৰে।

উল্লেখ্য যে মণিপুৰৰ কেইবাজনো বিজেপি বিধায়কে এন বীৰেণ সিঙক ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ বাবে ৰাজধানী দিল্লীত শিবিৰ পাতি থকাৰ খবৰ পোৱা গৈছে।

খবৰ অনুসৰি সম্প্ৰতি কমেও ১০১২ জন বিধায়ক নতুন দিল্লীত আছে আৰু বিষয়টোত কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপ বিচাৰিছে।

তেওঁলোকৰ অভিযোগৰ কেইবাটাও কাৰণৰ ভিতৰত এটা কাৰণ হৈছে ২০২৩ চনৰ মাৰ্চ মাহত মণিপুৰ ৰাজ্য চৰকাৰে ২০০৮ চনৰ SoO চুক্তিখন স্থগিত ৰখাটো।