সাক্ষী দিবলৈ যোৱা মহিলাৰ ওপৰত আদালতৰ চৌহদতে গুলী চালনা দুৰ্বৃত্তৰ

আজি পুৱা দিল্লীৰ এখন সত্ৰ আদালতৰ চৌহদতে এগৰাকী সাক্ষী দিবলৈ যোৱা মহিলাৰ ওপৰত গুলী চালনা কৰে দুৰ্বৃত্তই। তাত উপস্থিত থকা এজন আৰক্ষী বিষয়াই আহত মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।
চাকেটৰ জিলা আদালতত সংঘটিত হৈছে এই ঘটনা।
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আৰ্থিক বিবাদৰ সৈতে জড়িত গোচৰৰ শুনানিৰ বাবে আদালতত উপস্থিত হোৱা মহিলাগৰাকীক গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰা হয়।
আদালতৰ চৌহদত অধিবক্তা আৰু আৰক্ষীৰ দল থকাৰ পিছতো দুৰ্বৃত্তই চাৰিটাকৈ গুলীৰে থকা সৰকা কৰে মহিলাগৰাকীক। জানিব পৰা মতে গোটেই কেইটা গুলী মহিলাগৰাকীৰ পেটত লাগিছে।
স্মৰ্তব্য যে দিল্লীৰ দ্বাৰকাত বাইকত অহা দুজন লোকে এজন অধিবক্তাক গুলীয়াই হত্যা কৰাৰ কিছুদিন পিছতে এই ঘটনা সংঘটিত হৈছে।