NORTHEAST NOW (Assamese)
অসম

“দল বিৰোধী কাৰ্যকলাপ”ৰ বাবে কংগ্ৰেছৰ পৰা বহিষ্কৃত অংকিতা দত্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 22, 2023 1:30 pm

শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক কংগ্ৰেছৰ পৰা ৬বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে।

বাতৰি অনুসৰি, অংকিতা দত্তক “দল বিৰোধী” কাৰ্যকলাপৰ বাবে বহিষ্কাৰ কৰা হৈছে।

প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছে যদিও ৰাজ্যৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা নিলম্বিত বা অপসাৰণ কৰা হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: নগাঁৱত পুনৰ আৰক্ষীৰ গুলীত আহত এজন “ড্ৰাগছ বেপাৰী”

ইয়াৰ পূৰ্বে ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিকে ধৰি ভাৰতীয় যুৱ কংগ্ৰেছৰ নেতৃত্বই তেওঁক হাৰাশাস্তি আৰু গালি-গালাজৰ অভিযোগ উত্থাপন কৰিছিল।

আনকি নেতৃত্বৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰও দাখিল কৰিছে অংকিতাই।

দত্তই অভিযোগ কৰিছিল যে শ্ৰীনিবাসে যৌনগন্ধী মন্তব্য কৰিছিল, গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰিছিল তথা মানসিকভাৱে হাৰাশাস্তি কৰিছিল।

লগতে পঢ়ক: লক্ষ্য গুজৰাটৰ আম্বানিৰ চিৰিয়াখানা! হাতী কঢ়িয়াই অনা ৪৯খন ট্ৰাকক লৈ তিনিচুকীয়াত উত্তেজনা

হাইকমাণ্ডৰ ওচৰত অভিযোগ কৰিলে ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়া বুলিও দাবী কৰে তেওঁ।

দত্তই ছত্তীশগড়ৰ এখন হোটেলত শ্ৰীনিবাসে তেওঁৰ বাহুত ধৰি টানি ঠেলি দিয়া আৰু অশালীন শব্দ ব্যৱহাৰ কৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত দলৰ শীৰ্ষ বিষয়ববীয়াক জনাইছিল যদিও শ্ৰীনিবাসৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।