NORTHEAST NOW (Assamese)
অসম

পুনৰ ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই তুলিলে নিউজিলেণ্ড; ছুনামী সতৰ্কতা জাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2023 11:12 am

পুনৰ প্ৰবল ভূমিকম্পই কঁপাই তুলিলে নিউজিলেণ্ড। সোমবাৰে পুৱাৰ ভাগত কেৰমাডেক দ্বীপপুঞ্জত প্ৰবল জোকাৰণি অনুভৱ কৰা হয়। যাৰ বাবে দেশত পুনৰ ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি সোমবাৰে পুৱাই কেৰমাডেক দ্বীপপুঞ্জত ভূমিকম্পৰ সৃষ্টি হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৩। এই কম্পনৰ উৎস ভূগৰ্ভৰ ১০ কিলোমিটাৰ মাটিৰ গভীৰত আছিল।

লগতে পঢ়ক: বিহাৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌবেই ক’লে, ’২০২৪-ত সকলো বিদেশীক বাংলাদেশলৈ পঠিয়াই দিম’

সেয়ে, দ্বীপপুঞ্জত ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে। দ্বীপটোৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ বাৰ্তা দিয়া হৈছে।

উল্লেখ্য যে যোৱা মাহতো কেৰমাডেক দ্বীপপুঞ্জত ৭.১ প্ৰাবল্যৰ ভূমিকম্প অনুভুত হৈছিল। দুমাহত দুটাকৈ প্ৰচণ্ড জোকাৰণিৰ ঘটনাৰ ফলত স্থানীয় জনসাধাৰণৰ মাজত আতংক বিয়পি পৰিছে।

প্ৰসংগক্ৰমে, নিউজিলেণ্ড এখন ভূমিকম্প প্ৰৱণ দেশ। ইয়াত প্ৰতি বছৰে প্ৰায় হাজাৰ সংখ্যক জোকাৰণি অনুভুত হয়।

লগতে পঢ়ক: চাশাৰ পিছত এইবাৰ উদয়; কুনো ৰাষ্ট্ৰীয় উদ্যানত দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাৰ মৃত্যু

যোৱা ফেব্ৰুৱাৰী মাহত তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত ৫০ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ দুমাহৰ ভিতৰতে নিউজিলেণ্ডত দুটাকৈ প্ৰবল ভূমিকম্পই জোকাৰি গৈছে।