NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰী গণ বিবাহ অনুষ্ঠানত গৰ্ভাৱস্থা পৰীক্ষা! ৫গৰাকী কইনাৰ বিবাহ বাতিলক লৈ তুংগত বিতৰ্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2023 2:37 pm

মধ্যপ্ৰদেশত চৰকাৰী গণ বিবাহ অনুষ্ঠানকলৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। বিয়াৰ আগতে কইনাৰ গৰ্ভধাৰণৰ পৰীক্ষা কৰা হয়। কেইবাগৰাকীও যুৱতী এই পৰীক্ষাত উত্তীৰ্ণ নহ’ল। ইয়াৰ পিছতে তেওঁলোকৰ বিবাহ বাতিল কৰা হয়।

মধ্যপ্ৰদেশ চৰকাৰৰ ৰাজহুৱা বিবাহ/ নিকাহ যোজনাত তেনে কোনো পৰীক্ষাৰ নিয়ম নাই। সেই কাৰণে বিবাহ বাতিলৰ ঘটনাও আগতে হোৱা নাই। ফলত ৰাজ্যজুৰি আৰম্ভ হৈছে বিতৰ্কৰ। শাসকীয় দল বিজেপিক বিৰোধী দলে তূব্ৰ সমালোচনা কৰিছে। তেওঁলোকৰ দাবী, বিবাহ অনুষ্ঠানত অবৈধভাৱে গৰ্ভাৱস্থা পৰীক্ষা কৰা হৈছে।

শিৱৰাজ সিং চৌহানৰ চৰকাৰৰ দিনত মধ্যপ্ৰদেশত আৰম্ভ হৈছিল গণ বিবাহ আঁচনি ‘মুখ্যমন্ত্ৰী কন্যাদান যোজনা’। মূলতঃ এই আঁচনিৰ অধীনত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ যুৱতীসকলৰ বিবাহৰ ব্যৱস্থা কৰা হয়। সকলো খৰচ চৰকাৰৰ সংশ্লিষ্ট বিভাগে বহন কৰে।

মধ্যপ্ৰদেশৰ চৰকাৰী গণ বিবাহ অনুষ্ঠান। ফটো: সংগ্ৰহীত।

আগতীয়াকৈ বিবাহৰ বাবে নাম পঞ্জীয়ন কৰিব লাগে। পাত্ৰ-পাত্ৰী পৰিয়ালে নিৰ্ধাৰণ কৰে। ডিন্দোৰি জিলাৰ গাৰাচৰাই গাঁৱত অনুষ্ঠিত হোৱা চৰকাৰী গণ বিবাহ অনুষ্ঠানত বিতৰ্কৰ সৃষ্টি হয়।

২২ এপ্ৰিলত তাতেই ৰাজহুৱা বিবাহ অনুষ্ঠিত হয়। মুঠ ২১৯ গৰাকী যুৱতীয়ে বিবাহৰ বাবে নাম পঞ্জীয়ন কৰে। নিয়ম অনুসৰি পাত্ৰটোও তেওঁলোকৰ বাবে উপযুক্ত আছিল। কিন্তু অভিযোগ অনুসৰি বিবাহ অনুষ্ঠানৰ সময়ত প্ৰতিগৰাকী কইনাৰ গৰ্ভাৱস্থা পৰীক্ষা কৰা হৈছিল। কিন্তু চৰকাৰী গণ বিবাহ আঁচনিত তেনে কোনো নিয়ম নাই। এয়া শেষ নহয়, পৰীক্ষাৰ পিছত ৰিপৰ্ট পজিটিভ অহাত পাঁচগৰাকী যুৱতীৰ বিবাহ বাতিল হোৱাৰ অভিযোগো উত্থাপন হৈছে।

মধ্যপ্ৰদেশৰ চৰকাৰী গণ বিবাহ অনুষ্ঠান। ফটো: সংগ্ৰহীত।

বাতিল কৰা যুৱতীসকলৰ মতে, বিবাহ নিষ্পত্তি হোৱাৰ পিছত তেওঁলোকে ভৱিষ্যত স্বামীৰ সৈতে থাকিবলৈ আৰম্ভ কৰে। তাৰ বাবেই তাই গৰ্ভৱতী হ’ল। তেওঁলোকে ভবা নাছিল যে এনে পৰীক্ষা হ’ব আৰু তাৰ বাবে বিবাহ বাতিল হ’ব পাৰে।

এই ঘটনাত বিৰোধীয়ে বিজেপি চৰকাৰক তীব্ৰভাৱে আক্ৰমণ কৰিছে। তেওঁলোকৰ প্ৰশ্ন, কিয় আইন ভংগ কৰি গণ বিবাহৰ অনুষ্ঠানত গৰ্ভাৱস্থা পৰীক্ষা কৰা হ’ল? কাৰ নিৰ্দেশনাত এই কাম কৰা হৈছে? মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইয়াৰ উত্তৰ দিব লাগিব।

কংগ্ৰেছৰ বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ওমকাৰ মাৰ্কমে কয় যে চৰকাৰে এই পৰীক্ষা কৰি দৰাচলতে যুৱতীসকলক অপমান কৰিছে। স্থানীয় গাঁও পঞ্চায়তৰ মুৰব্বীগৰাকীয়েও কয়- “এয়া মহিলাসকলক অপমান”। যাৰ বিবাহ বাতিল হ’ব তেওঁলোক সামাজিক অস্বস্তিত পৰিব।

মধ্যপ্ৰদেশৰ চৰকাৰী গণ বিবাহ অনুষ্ঠান। ফটো: সংগ্ৰহীত।

জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে কয় যে ৰাজহুৱা বিবাহত তেনে কোনো নিয়ম নাথাকিলেও উচ্চ কৰ্তৃপক্ষৰ নিৰ্দেশত এই কাম কৰা হৈছে। “চৰকাৰৰ সংশ্লিষ্ট বিভাগে বিবাহ বাতিল কৰাৰ সিদ্ধান্ত লৈছে”। মুঠতে গণ বিবাহকলৈ বিতৰ্ক তুংগত উঠিছে।