NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত আইছিছৰ পতাকা উদ্ধাৰৰ পিছত অঞ্চলটোত শান্তি বজাই ৰখাৰ আহ্বান বিভিন্ন দল সংগঠনৰ

Posted by: ছফিকুল আহমেদ May 2, 2018 9:04 pm
IS NE’ flags in Goalpara

বুধবাৰে গোৱালপাৰা চহৰৰ আৰক্ষী চকীৰ পৰা মাথোঁ ২০ মিটাৰ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰৰ কাচাৰীঘাটত ইংৰাজী আৰু আৰবী আখৰেৰে আই এছ এন ই লিখা আইছিছৰ ক’লা পতাকা উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ চহৰখনত এতিয়া উত্তেজনাই বিৰাজ কৰি আছে।

এজন স্থানীয় যুৱকে পতাকা ৬খন দেখি আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এয়া এক সমাজ বিৰোধী চক্ৰৰ কাম বুলি মন্তব্য দি কয় যে ঘটনাটোৰ এটা তদন্ত চলি আছে।

এই সন্দৰ্ভত আছু, আমছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু অগপ কংগ্ৰেছ আদি দল সংগঠনে নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনসাধাৰণক শান্তি বজায় ৰখাৰ বাবে আৱেদন জনায়।

আছউৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ৰাজ্যখনত বাঢ়ি অহা মৌলবাদী শক্তিসমূহকদমন কৰাত ব্যৰ্থ হোৱা বাবে চৰকাৰৰ সমালোচনা কৰে।

আছুৰ গোৱালপাৰা জিলা কমিটীৰ সম্পাদক জিতুমণি ভূঞাই এই ঘটনাটোৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে আৰু আৰক্ষী চকীৰ নিচেই কাষতে এনে ঘটনা কেনেদৰে হ’ব পাৰে প্ৰশ্ন কৰে।

অগপৰ জিলা সভাপতি অধিবক্তা জিতেন দাসে ঘটনাটোৰ তীব্ৰ সমালোচনা কৰি কয় যে এই কাম অঞ্চলটোত সম্প্ৰীতিৰে বাস কৰি অহা সম্প্ৰদায়সমূহৰ মাজৰ শান্তি বিঘ্নিত কৰাৰ বাবে কৰা হৈছে।

বামপন্থী নেতা তথা বয়োবৃদ্ধ সমাজকৰ্মী ননী দাসে কয় যে ধৰ্মীয় সমন্বয় বিঘ্নিত কৰাৰ বাবে কৰা এয়া এটা ষড়যন্ত্ৰ।

উল্লেখ্য যে ধুবুৰীত বৃহস্পতিবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰাজ্যিক পৰ্যায়ৰ ধৰ্মীয় মহাসভা ইজতেমা আৰম্ভ হ’ব। তাৰোপৰি ১ মে’ মঙলবাৰে সন্ধিয়াৰ পৰা আজি পুৱতি নিশালৈকে ‘আল্লাহে সকলো পাপীক ক্ষমা দান কৰা আৰু এই নিশাৰ পৰাই পৰাই অনাগত বছৰৰ বাবে ভাগ্যলিপি লিখা’ বুলি  বিশ্বাস কৰা মুছলমানসকলৰ বিশেষ ধৰ্মীয় নিশা শ্বব-ই-বৰাত পালন কৰা হয়  আৰু সমগ্ৰ নিশা নামাজ কৰা হয়।