NORTHEAST NOW (Assamese)
Popular Stories

বিজ্ঞানৰ চমৎকাৰ! ৰ’বোটিক বেজীৰ জৰিয়তে মহিলাৰ শৰীৰত শুক্ৰাণু; জন্ম হ’ল দুটি শিশুৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2023 6:08 pm

চিকিৎসা খণ্ডত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বহু আগতেই আৰম্ভ হৈছে। এতিয়া প্ৰজনন বিজ্ঞানে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। আমেৰিকাৰ নিউয়ৰ্কত ৰ’বোটিক নিডল্ছৰ (বেজী) জৰিয়তে মাতৃৰ জৰায়ুত শুক্ৰাণু সুমুৱাই দিয়া হৈছে। আৰু তাৰ পিছত সেই মাতৃয়ে দুটি কন্যা শিশুৰ জন্ম দিলে। দুয়োটা শিশুৱে সুস্থ হৈ আছে।

বিশ্ববিখ্যাত প্ৰতিষ্ঠান মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ মতে স্পেইনৰ বাৰ্চিলোনাৰ এদল অভিযন্তাই এই ৰ’বোটিক বেজীটো নিৰ্মাণ কৰিছে। আমেৰিকাৰ নিউয়ৰ্কৰ নিউ হোপ ফাৰ্টিলিটি চেণ্টাৰত এই বেজী ব্যৱহাৰ কৰি এগৰাকী মহিলাৰ জৰায়ুত শুক্ৰাণু প্ৰৱেশ কৰোৱা হয়। পিছত মহিলাগৰাকী গৰ্ভৱতী হয় ।

লগতে পঢ়ক: চলিত বৰ্ষৰ প্ৰথম চন্দ্ৰগ্ৰহণ ৫ মে’ত; পৰৱৰ্তী এনে বিৰল মুহূৰ্তৰ বাবে অপেক্ষা কৰিব লাগিব ১৯ বছৰ

এই সন্দৰ্ভত এম আই টিৰ দ্বাৰা প্ৰকাশিত এম আই টি টেকন’লজি ৰিভিউত এটা লিখনি প্ৰকাশ পাইছে। কোৱা হৈছে যে ৰ’বোটিক বেজী ব্যৱহাৰ কৰি গৰ্ভধাৰণৰ পিছত সন্তান জন্ম দিয়াৰ এইটোৱেই পৃথিৱীৰ প্ৰথমটো ঘটনা।

এই কামত অভিযন্তাসকলৰ বিশেষ অভিজ্ঞতা নাছিল বুলিও প্ৰবন্ধটোত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত তেওঁলোকে চ’নীৰ প্লে-ষ্টেচন ৫-এৰ কন্ট্ৰ’লাৰ ব্যৱহাৰ কৰিছিল। কেমেৰাত চাই তেওঁলোকে সফলতাৰে মহিলাগৰাকীৰ শৰীৰত শুক্ৰাণু  প্ৰৱেশ কৰাবলৈ সক্ষম হয়। পিছত মহিলাগৰাকীৰ গৰ্ভত দুটা ভ্ৰুণৰ জন্ম লৈ বিকশিত হ’ল। জন্ম হ’ল দুটি সুস্থ-সবল কন্যা শিশুৰ।

ৰ’বোটিক নিডল্ছ প্ৰজনন চিষ্টেম। ফটো: সংগ্ৰহীত।

বিশেষজ্ঞসকলে কয় যে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি লাভ কৰা এই সাফল্যই আধুনিক পদ্ধতিৰ ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন (আইভিএফ)ৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব। অভাৰচাৰ লাইফ নামৰ এটা ষ্টাৰ্টআপে এই ৰ’বোটিক বেজীটো নিৰ্মাণ কৰিছিল। কোম্পানীটোৱে কয় যে এই ডিভাইচটোৱে আইভিএফ প্ৰক্ৰিয়াৰ খৰচ কমোৱাৰ লগতে প্ৰক্ৰিয়াটো স্বয়ংক্ৰিয় কৰাৰ দিশত এখোপ আগুৱাই নিব।

লগতে পঢ়ক: ক্ষান্ত নহয় পুটিন! ৫১ দিনৰ পাছত কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; ইউক্ৰেইনৰ প্ৰতিক্ৰিয়া

বৰ্তমান বিশ্বত প্ৰতি বছৰে প্ৰায় ৫ লাখ শিশুৰ জন্ম হয় আইভিএফৰ জৰিয়তে। কিন্তু এই পদ্ধতি যথেষ্ট জটিল, দীঘলীয়া, শ্ৰমসাধ্য আৰু ব্যয়বহুল। লগতে এজন প্ৰশিক্ষিত ভ্ৰূণ বিশেষজ্ঞৰ প্ৰয়োজন।

অভাৰচাৰ লাইফৰ মুখ্য প্ৰজনন বিশেষজ্ঞ ছান্টিয়াগো মুনে কয় যে ৰ’বোটিক নিডল প্ৰযুক্তিয়ে এদিন প্ৰজনন সেৱাকেন্দ্ৰ (ফাৰ্টিলিটি ক্লিনিক)ৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব।