NORTHEAST NOW (Assamese)
Popular Stories

World Record: এটা অভাৰত ৪৬ ৰাণ! টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2023 6:46 pm

ক্ৰিকেটত এটা অভাৰত কিমান ৰাণ কৰিব পাৰি? বহুতে ক’ব যে যদি অভাৰৰ আটাইকেইটা বল ছয় মাৰে তেন্তে ৩৬ ৰাণ উঠিব। ন’ বলৰ সহায়ত এটা বা দুটা অতিৰিক্ত ৰাণ আহিব পাৰে। কিন্তু সেইবুলি এটা অভাৰত ৪৬ ৰাণ? কেনেকৈ সম্ভৱ? কিন্তু এইটো ঘটিছে কুৱেইটৰ এখন টি-২০ লীগত। তাত এটা অভাৰতে আহিছে ৪৬ ৰাণ।

কুৱেইটত চলি আছে কেচিচি ফ্ৰেণ্ডছ মোবাইল টি-২০ চেম্পিয়নছ ট্ৰফী ২০২৩। এনচিএম ইনভেষ্টমেণ্টছ আৰু টেলি চিচিৰ মাজত চলি আছিল মেচ। এনচিএমৰ বাসুৱে টেলিৰ বলাৰ হৰমনৰ বলত নিৰ্মম প্ৰহাৰ কৰে।

লগতে পঢ়ক: নতুন ফিচাৰ মুকলি! পাছৱৰ্ড মনত ৰখাৰ চিন্তা আঁতৰিল; গুগলে লৈ আহিছে ‘পাছ-কী’

হৰমনৰ প্ৰথম বলটো আছিল ন’ বল। বাসুৱে সেই ছয়টো মাৰে। ইয়াৰ পিছতে চাৰি ৰাণৰ বাই। পৰৱৰ্তী পাঁচটা বলত বাসুৱে পাঁচটা ছয় কৰে। তাৰে এটা আকৌ হ’ল ন’ বল। পিছৰ বলত আকৌ চাৰি মাৰে। ফলত এক অভাৰত আহে মুঠ ৪৬ ৰাণ।

আই পি এলত এটা অভাৰত সৰ্বাধিক ৩৭ ৰাণৰ অভিলেখ আছে। দুবাৰকৈ এনেকুৱা হৈছে। বৰ্তমান বন্ধ হৈ যোৱা কোচি টাস্কাৰ্ছ কেৰালাৰ পি পৰমেশ্বৰমে ২০১১ চনত আৰচিবিৰ বিৰুদ্ধে ৩৭ ৰাণ সংগ্ৰহ কৰিছিল।

আনহাতে, ২০২১ চনত চেন্নাইৰ বিৰুদ্ধে আৰচিবিৰ হৰ্শাল পেটেলে ৩৭ ৰাণ সংগ্ৰহ কৰিছিল।

টেষ্টত যশপ্ৰীত বুমৰাহে এটা অভাৰত ৩৫ ৰাণ দিয়ে। সেইটোৱেই সৰ্বোচ্চ। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু টি-২০ত এটা অভাৰত সৰ্বাধিক ৩৬ ৰাণৰ অভিলেখ আছে।