NORTHEAST NOW (Assamese)
অসম

নতুন ছিম সংযোগৰ বাবে বাধ্যতামূলক নহয় আধাৰ কার্ড

Posted by: এন ই নাও নিউজ May 3, 2018 12:56 pm
bbbb

অসমকে ধৰি সমগ্ৰ উত্তৰ- পূবত আধাৰ কাৰ্ডক লৈ ৰাইজৰ মাজত ব্যাপক বিভ্ৰান্তি তথা বেমেজালি চলি থকাৰ মাজতে মোবাইল ফোন কোম্পানীসমূহলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে কেন্দ্ৰীয় চৰকাৰে।

মঙলবাৰে ভাৰত চৰকাৰে এই সন্দৰ্ভত গ্ৰহণ কৰা এক সিদ্ধান্তমৰ্মে উত্তৰ- পূৰ্বাঞ্চলকে ধৰি দেশৰ সকলো গ্ৰাহক আধাৰ কাৰ্ড অবিহনেই ছিম কাৰ্ড লাভ কৰিব পাৰিব৷

মঙলবাৰে ভাৰতৰ টেলিকম সচিব অৰুণা সুন্দৰৰাজনে এক বিবৃতিযোগে টেলিকম সংস্থাসমূহক চালকৰ অনুজ্ঞা পত্ৰ, পাছপৰ্ট, ভোটাৰ পৰিচয় পত্ৰ আদি যিকোনো পৰিচয় পত্ৰ গ্ৰহণ কৰি ছিমৰ নতুন সংযোগ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷

গ্ৰাহকসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি গুৰুত্ব দি অতি সোনকালে এই নিৰ্দেশ কাৰ্যকৰী কৰা হ’ব বুলিও টেলিকম সচিব অৰুণা সুন্দৰৰাজনে জানিবলৈ দিয়ে৷

উল্লেখ্যযোগ্য যে কিছুদিন পূৰ্বে সংবাদ মাধ্যমত টেলিকম বিভাগে প্ৰকাশ কৰা এক নিৰ্দেশৰ বাতৰি প্ৰকাশ পাইছিল য’ত আধাৰ কাৰ্ড অবিহনে মোবাইল ছিমৰ সংযোগ প্ৰদান কৰা নহয় বুলি স্পষ্ট কৰি দিয়া হৈছিল৷ টেলিকম বিভাগে এই নিৰ্দেশ দিয়াৰ পাছতে ভাৰত চৰকাৰ আৰু টেলিকম সংস্থাসমূহ পুনৰ এক আলোচনাত মিলিত হয়৷

আলোচনাৰ পিছতে চৰকৰে এক সিদ্ধান্ত গ্ৰহণ কৰি ছিমৰ সংযোগৰ বাবে আধাৰ কাৰ্ড অত্যাৱশ্যকীয় নহয় বুলি নিৰ্দেশ জাৰি কৰে৷