NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাৰ ১২ বছৰীয়া কিশোৰী ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত আনন তাঁতী আৰক্ষীৰ গুলীত আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 4, 2023 8:34 pm

তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত আনন তাঁতী আৰক্ষীৰ গুলীত আহত হৈছে। 

বৃহস্পতিবাৰে সন্ধিয়া অৰুণাচল প্ৰদেশৰ সীমান্তৰ দেওমালিত গ্ৰেপ্তাৰ কৰা হৈছিল আনন তাঁতীক। গ্ৰেপ্তাৰ কৰি অনাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ভৰিত গুলীওৱা বুলি কোৱা হৈছে।

অভিযুক্ত আনন তাঁতীৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে আৰু বৰ্তমান হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

মাৰ্ঘেৰিটাৰ জয়নগৰত শৌচাগাৰৰ টেংকত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে আৰম্ভ হোৱা অভিযানৰ অন্তত তিনিচুকীয়া আৰক্ষীয়ে আনন তাঁতীক আটক কৰে।

অসম অৰুণাচল সীমান্তৰ দেওমালি অঞ্চলত আত্মগোপন কৰি আছিল অভিযুক্তই।

উল্লেখ্য যে নাবালক ছোৱালীজনীয়ে যোৱা ৩০ এপ্ৰিলত বিহুৰ অনুষ্ঠান চাবলৈ গৈছিল যদিও দেৰি হোৱাৰ বাবে আনন তাঁতীৰ বাসগৃহত থাকি গৈছিল।

নাবালিকা ছোৱালীজনীৰ পৰিয়ালৰ লগত আনন তাঁতীৰ পৰিয়ালৰ লগত ভাল সম্পৰ্ক আছিল।

তেতিয়াই আনন তাঁতিয়ে পৰিস্থিতিৰ সুযোগ লৈ নাবালক ছোৱালীজনীক ধৰ্ষণ কৰে। তাৰ পিছত তেওঁ তাইক হত্যা কৰি পিছত মৃতদেহটো শৌচাগাৰৰ টেংকত পেলাই দিয়ে।

মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে অসমৰ মাৰ্ঘেৰিটাৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে।