NORTHEAST NOW (Assamese)
অসম

সমলৈংগিক বিবাহ : পশ্চাদমুখী হিমন্তৰ চৰকাৰে কৰিলে বিৰোধ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক May 11, 2023 10:00 am

অসমকে ধৰি তিনিখন ৰাজ্যই ভাৰতত সমলৈংগি বিবাহ বৈধকৰণৰ বিৰোধিতা কৰিছে। উচ্চতম ন্যায়ালয়ৰ সন্মুখত সমলৈংগিক বিবাহৰ গোচৰত উত্থাপিত বিষয়সমূহৰ সন্দৰ্ভত সকলো ৰাজ্যৰ পৰা মন্তব্য আমন্ত্ৰণ জনাই যোৱা ১৮ এপ্ৰিলত কেন্দ্ৰই জাৰি কৰা এখন পত্ৰৰ উত্তৰত অসম, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান তিনিখন বিজেপি শাসিত ৰাজ্যই নিজৰ মতামত প্ৰকাশ কৰি এই বিবাহৰ বৈধকৰণৰ বিৰোধিতা কৰি মত আগবঢ়াইছে।

অসম চৰকাৰে উল্লেখ কৰে যে সমলৈংগিক দম্পতী আৰু এলজিবিটিকিউআইএ+ সম্প্ৰদায়ক বিবাহ স্বীকৃতি প্ৰদান কৰিলে বিবাহ সম্পৰ্কীয় আইনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব।
পত্ৰখনত উল্লেখ কৰা হৈছে যে বিবাহ, বিবাহ বিচ্ছেদ, আৰু আনুষংগিক বিষয়সমূহ সংবিধানৰ সমান্তৰাল তালিকাৰ ৫ নং অনুচ্ছেদৰ অন্তৰ্গত আৰু ৰাজ্যৰ অধীনত থাকে।

সেই অনুসৰি অসম চৰকাৰে গোচৰটোত আবেদনকাৰীয়ে গ্ৰহণ কৰা মতামতৰ বিৰোধিতা কৰি নিজৰ মতামত আৰু অধিক দাঙি ধৰিবলৈ সময় বিচাৰিছিল।